NORTHEAST NOW (Assamese)

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ১০৫লৈ বৃদ্ধি

August 2, 2020 9:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত দেওবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ১০৫লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে–  কৰিমগঞ্জৰ মৃদুলা ঘোষ (৫৪), কামৰূপ মহানগৰৰ তিলক চন্দ্ৰ দাস (৫০), তিনিচুকীয়াৰ শান্তা সৰকাৰ (৬২) আৰু যোৰহাটৰ সমীৰ ফুকন (৫২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শনিবাৰে তিনিগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল আৰু ৰাজ্যত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১লৈ বৃদ্ধি পাইছিল।

১০৮৫গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

এইসকল ব্যক্তিক ধৰি অসমত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৩১,৪৪২লৈ বৃদ্ধি পাইছে।

অসমত শনিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১০,১৮০গৰাকী।

ইপিনে ১৪৫৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

কিন্তু অসমত টেষ্টৰ তুলনাত ক’ভিড পজিটিভৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে।

শনিবাৰলৈকে ২৪ ঘণ্টাত ২৭,১৬১টা ক’ভিড টেষ্টৰ ভিতৰত পজিটিভৰ হাৰ আছিল ৫.৩৬ শতাংশ।

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছে ৪১,৭২৬গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News