NORTHEAST NOW (Assamese)
অসম

উৎকোচ হিচাপে ধন বিচৰা চাৰিজন এন আৰ চিৰ বিষয়াক গ্ৰেপ্তাৰ, জে’ললৈ প্ৰেৰণ

Posted by: ছফিকুল আলী Updated by: ছফিকুল আলী August 9, 2019 12:06 pm
উৎকোচ হিচাপে ধন বিচৰা চাৰিজন এন আৰ চিৰ বিষয়াক গ্ৰেপ্তাৰ, জে’ললৈ প্ৰেৰণ

স্থানীয় এখন আদালতে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা চাৰিজন এন আৰ চিৰ বিষয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ধূপধৰা আৰক্ষীয়ে বুধবাৰে সন্ধিয়া এন আৰ চি উন্নীতকৰণৰ কামত নিয়োজিত চাৰিজন বিষয়াক এজন ব্যক্তিৰ পৰা ধন দাবী কৰাৰ অভিযোগত কথাকুথিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, কামৰূপ জিলাৰ বকোৰ নাগৰ আলী নামৰ ব্যক্তি এজনে ধূপধৰা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত কৰ্মচাৰী চাৰিজনক গ্ৰেপ্তাৰ কৰে।

আলীয়ে তেওঁৰ এজাহাৰত অভিযোগ কৰিছিল যে এন আৰ চিৰ বিষয়া বৰ্ষা দাসে এন আৰ চি পুনৰীক্ষণ প্ৰক্ৰিয়াত প্ৰয়োজনীয় বায়’মেট্ৰিক পৰীক্ষণ কৰি দিয়াৰ বিনিময়ত ৮০ টকা দাবী কৰিছিল।

যেতিয়া আলীয়ে ধন দিবলৈ অস্বীকাৰ কৰিছিল, দাস আৰু আন তিনিজন কৰ্মচাৰী কৰুণা বিশ্বাস, মৃণাল কলিতা আৰু ছৰিফুল হাছানে তেওঁৰ সৈতে তীব্ৰ বাক্ বিতণ্ডাত লিপ্ত হৈছিল।

কোনোবাই আৰক্ষীক খৱৰ দিয়াত ততাতয়াকৈ ধূপধৰা আৰক্ষীৰ এটা দল এন আৰ চি কেন্দ্ৰটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে এন আৰ চিৰ কৰ্মচাৰীকেইজনক গ্ৰেপ্তাৰ কৰা হয়।

এন আৰ চি কৰ্তৃপক্ষই লগে লগেই সংশ্লিষ্ট ব্যক্তিজনক সংগ্ৰহ কৰা ধন ওভতাই  দিবলৈ নিৰ্দেশ দিয়ে আৰু পুনৰীক্ষণৰ কাম বিনামূলীয়াকৈ সম্পূৰ্ণ কৰে।

‘’তদন্তত গম পোৱা যায় যে দাসে পুনৰীক্ষণৰ বাবে অহা প্ৰতি গৰাকী লোকৰ পৰা ৮০ টকাকৈ সংগ্ৰহ কৰিছিল,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।