NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ সাপজুৰিত সংঘটিত অগ্নিকাণ্ডত মেজিক গাড়ীসহ চাৰিখন দোকান ভস্মীভূত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 9, 2021 7:58 am
Fire in Bokakhat

শনিবাৰে নিশা বোকাখাতৰ নাতিদূৰৰ সাপজুৰিত ৰামেশ্বৰ চাহু নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷

ৰামেশ্বৰ চাহুৰ পুত্ৰ সুনীল চাহুয়ে নীতিবৰ্হিভুত ভাৱে মজুত ৰখা ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰাই এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি বিভিন্নজনে সন্দেহ কৰিছে ৷

বৈদ্যুতিক বিজুতিৰে অগ্নিসংযোগ হোৱাৰ পিছত বাসগৃহৰ লগতে থকা দোকান আৰু  চিলিণ্ডাৰত অগ্নি সংযোগ হোৱাৰ ফলতেই সংঘটিত অগ্নিকাণ্ডই চানি ধৰে অঞ্চলটো ৷

একে ঘৰৰে তিনিখনকৈ দোকান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ নিশাৰ এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত ৰামেশ্বৰ চাহুৰ লগতে সংলগ্নিত চাৰিখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে এখন মালবাহী মেজিকো অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷

পিছত বোকাখাতত থকা  অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খন গাড়ীৰ লগতে নুমলীগড় শোধনাগাৰৰ দুখন অগ্নি নিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ঘটনাত বহু সা-সম্পত্তি নষ্ট হয় যদিও কোনো লোক হতাহত হোৱা নাই ৷