NORTHEAST NOW (Assamese)

ভেণ্টিলেটৰ ভাঙি ওদালগুৰিৰ কাৰাগাৰৰ পৰা চাৰিগৰাকী কাৰাবন্দীৰ পলায়ন

August 14, 2020 7:14 pm · চাজিদ খান

বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰিগৰাকী বিচাৰাধীন কাৰাবন্দীয়ে পলায়ন কৰে।

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দী কেইগৰাকী মহম্মদ হাজিমুদ্দিন, মহম্মদ কাজিমুদ্দিন, মফিদুল ইছলাম আৰু কুদুছ আলী বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে নিশা চাৰিওগৰাকী কাৰাবন্দীয়ে কোৱাৰেণ্টাইনত থকা অৱস্থাতে দেৱালৰ ভেণ্টিলেটৰ ভাঙি পলায়ন কৰে।

মহম্মদ হাজিমুদ্দিন আৰু মহম্মদ কাজিমুদ্দিনক বিগত ১৮ জুলাইত গৰু চোৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মফিদুল ইছলাম আৰু কুদুছ আলীক ২৩ জুলাইত অবৈধভাৱে পশু সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, কাৰাগাৰৰ পৰা কাৰাবন্দীয়ে পলায়ন কৰা ঘটনাই সমগ্ৰ ওদালগুৰি আৰক্ষীক লজ্জানত কৰাৰ লগতে স্থানীয় লোকে এই ঘটনাক কাৰাগাৰ কৰ্তৃপক্ষৰ অমনোযোগিতাৰ ফচল বুলি কয়।

Related News