NORTHEAST NOW (Assamese)
Popular Stories

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 1, 2026 8:03 am

বিশ্বকাপ ফুটবল ২০২৬ৰ নকআউট পৰ্যায়ৰ মেচত নিখুঁত আৰু পৰিকল্পিতভাৱে ছুইডেনক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ফ্ৰান্সে বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলৰ তাৰকা ষ্ট্ৰাইকাৰ কিলিয়ান এমবাপেৰ যোৰা গল আৰু মাইকেল ওলিছেৰ অনবদ্য প্ৰদৰ্শনৰ সহায়ত ফ্ৰান্সে এই জয়লাভ কৰিবলৈ সক্ষম হয়। ফ্ৰান্সৰ প্ৰশিক্ষক দিডিয়েৰ দেশঁৰ আক্ৰমণাত্মক ৰণনীতিৰ সন্মুখত ছুইডেনে উন্নত খেল প্ৰদৰ্শন কৰিও পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়।

মেচৰ আৰম্ভণিৰে পৰা ফ্ৰান্সে দ্ৰুত আৰু আক্ৰমণাত্মক শৈলীৰে খেলপথাৰত আধিপত্য বিস্তাৰ কৰিছিল যদিও প্ৰথমটো গলৰ বাবে ৪৫ মিনিটলৈকে অপেক্ষা কৰিবলগীয়া হয়। ইয়াৰ পূৰ্বে মেচৰ ২০ মিনিটত এমবাপেৰ এটা গল অফচাইডৰ বাবে বাতিল হোৱাৰ লগতে ৩২ মিনিটত তেওঁৰ এটা শ্বট পষ্টত লাগি উভতি আহে। একেদৰে ৩৬ মিনিটত ওলিছেৰ এটা বাইচাইকেল কিক পষ্টত আঘাত কৰাৰ পিছত ৩৭ মিনিটত উছমান ডেম্বেলেৰ এটা শ্বট লক্ষ্যভ্ৰষ্ট হয়। অৱশেষত প্ৰথমাৰ্ধৰ শেষৰফালে ৪৫ মিনিটত এটা চুটি কৰ্ণাৰৰ পৰা ডেম্বেলেৰ পাছ লাভ কৰি এমবাপেই পেনাল্টি বক্সৰ ভিতৰত ছুইডেনৰ দুজন ৰক্ষণভাগৰ খেলুৱৈক অতিক্ৰম কৰি ফ্ৰান্সৰ হৈ প্ৰথমটো গল স্কৰ কৰে।

প্ৰথমাৰ্ধত ১-০ ব্যৱধানত আগবাঢ়ি থকা ফ্ৰান্সে দ্বিতীয়ৰ্ধত অধিক আক্ৰমণাত্মক হৈ পৰে। মেচৰ ৫৩ মিনিটত ওলিছেৰ সহায়ত ব্ৰেডলী বাৰকোলাই দুৰ্দান্ত ফিনিছিঙেৰে দলৰ হৈ দ্বিতীয়টো গল দিয়ে। ইয়াৰ পাছত ৭৪ মিনিটত পুনৰ ওলিছেৰ এক নিখুঁত পাছৰ সহায়ত এমবাপেই মেচত দ্বিতীয়টো আৰু দলৰ হৈ তৃতীয়টো গল অৰ্জন কৰে। উল্লেখযোগ্য যে চলিত বিশ্বকাপত এই পৰ্যন্ত ৬টা গল দি এমবাপেই সোণালী বুটৰ দৌৰত লিয়নেল মেছিক স্পৰ্শ কৰাৰ লগতে বিশ্বকাপৰ ইতিহাসত নিজৰ মুঠ গলৰ সংখ্যা ১৮টালৈ বৃদ্ধি কৰিলে। ইয়াৰে ১০টা গল কেৱল নকআউট পৰ্যায়ত আহিছে, যিটো এক অভিলেখ। আনহাতে, এই মেচখনত গল কৰিবলৈ সক্ষম নহলেও দুটাকৈ গলত সহায় কৰা ওলিছে চলিত বিশ্বকাপত সৰ্বাধিক ৫টা এছিষ্ট কৰি এক সুকীয়া অভিলেখ গঢ়িছে।

মেচখনত ছুইডেনে ৰক্ষণাত্মক হৈ থকাৰ পৰিৱৰ্তে নিজৰ সাধ্য অনুসৰি আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিছিল যদিও ফ্ৰান্সৰ নিখুঁত টোটেল ফুটবলৰ সন্মুখত সেয়া ম্লান পৰি যায়। মেচৰ ৮৫ মিনিটত প্ৰশিক্ষক দেশঁই এমবাপেক খেলপথাৰৰ পৰা উঠাই অনাৰ ফলত খেলুৱৈগৰাকীয়ে হেটট্ৰিক অৰ্জনৰ সুযোগ হেৰুৱায়। বিশ্বকাপৰ পৰৱৰ্তী অৰ্থাৎ প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচত ফ্ৰান্সৰ সন্মুখীন হব পেৰাগুৱে।