NORTHEAST NOW (Assamese)
ক্ৰীড়া

মৰক্কোক হৰুৱাই ফাইনেলৰ দিশে ফ্ৰান্স : আৰ্জেন্টিনাৰ লগত ফাইনেল খেলিব ফ্ৰান্সে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2022 9:30 am
মৰক্কোক হৰুৱাই ফাইনেলৰ দিশে ফ্ৰান্স : আৰ্জেন্টিনাৰ লগত ফাইনেল খেলিব ফ্ৰান্সে

কাটাৰে বিশ্বকাপ আয়োজন কৰাৰ পূৰ্বে মৰক্কোৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা আছিল ০.০০১ শতাংশ। কিন্তু বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে আফ্ৰিকান লায়ন্সে সেই গাণিতিক সমীকৰণবোৰৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাবলৈ ধৰিলে।

কোৱাটাৰ ফাইনেলত স্পেইন আৰু পৰ্তুগালক কোৱাৰ্টাৰ ফাইনেলত  পৰাস্ত কৰাৰ পিছত মৰক্কোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। তেনেকৈয়ে ইতিহাস ৰচনা কৰে মৰক্কোৱে। ০.০০১ শতাংশৰ পৰা বিশ্বকাপৰ পৰা মাত্ৰ দুখোজ দূৰত আছিল মৰক্কো।

যোৱা নিশা মৰক্কোৰ বিশ্বকাপৰ ঐতিহাসিক যাত্ৰাৰ অন্ত পৰে । ছেমিফাইনেলত ফ্ৰান্সৰ হাতত ২-০ গ’লত পৰাজয় বৰণ কৰে মৰক্কোৱে। ফলত বিশ্ব চেম্পিয়ন ফ্ৰান্স পুনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ফ্ৰান্সে।

এতিয়া মাথোঁ অপেক্ষা বিশ্বকাপ ফুটবলৰ আটাইতকৈ উত্তেজনাময় খেলখনৰ বাবে। অহা ১৮ ডিচেম্বৰত আৰ্জেন্টিনা আৰু ফ্ৰান্সৰ মাজত হ’ব কাটাৰ বিশ্বকাপৰ ফাইনেল খেলা। এইবাৰ বিশ্বকাপ আঁজুৰি আনিব পাৰিবনে মেছি বাহিনীয়ে? তাকে লৈ চৌদিশে এতিয়া বহু কল্পনা।