NORTHEAST NOW (Assamese)

কিবা এটা ঘটনা আছে যিটো আমি নাজানো; ক’ৰ’না সন্দৰ্ভত চীনৰ স্থিতিলৈ সন্দেহৰ আঙুলি ফ্ৰাঞ্চ ৰাষ্ট্ৰপতিৰ

April 17, 2020 9:49 pm · এন ই নাও নিউজ
মেকৰণ আৰু ঝিন পিং

ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনৰ প্ৰতি সন্দেহৰ আঙুলি টোৱাইছে।

‘‘ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনত কি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল আমি সেই সম্পৰ্কে নাজানো, নিশ্চয় ইয়াত কিবা এটা আছে আমি নজনা,’’ মেকৰণে কয়।

‘‘কিন্তু সকলো বিশ্বাসত লৈ এইটো পৰামৰ্শ নিদিব যে চীনে ক’ৰ’না ভাইৰাছ ভালদৰে নিয়ন্ত্ৰণ কৰিছে,’’ মেকৰণে লগতে কয়।

উল্লেখযোগ্য যে, ফ্ৰাঞ্চত বৰ্তমানলৈ ১,৪৭,০০০ কৈ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮,০০০ লোকৰ মৃত্যু হৈছে।

আনহাতে, চীনত ৮৩,০০০ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল মাত্ৰ ৪,৬০০ লোকৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমৰে পৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত চীনৰ প্ৰতি সন্দেহ ব্যক্ত কৰি আহিছে।

ট্ৰাম্পে ক’ৰ’না ভাইৰাছক চীনা ভাইৰাছ বুলিও উল্লেখ কৰাৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাকো চীনৰ পক্ষ লোৱা বুলি সমালোচনা কৰিছিল।

Related News