NORTHEAST NOW (Assamese)

চাইবাৰ বিশ্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন ম্যানমাৰৰ : ছাত্ৰৰ প্ৰতিবাদত উত্তাল য়াংগুন চহৰ

February 15, 2021 2:22 pm · এন ই নাও নিউজ
Updated: February 15, 2021 2:25 pm

গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰ এখনক বলপূৰ্বক অপসাৰিত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে সোমবাৰে য়াংগুন চহৰৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতাকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে ম্যানমাৰৰ পৰা সেনাৰ শাসন আতঁৰোৱাৰো দাবী উত্থাপন কৰে।

ইপিনে সেনা বিৰোধী প্ৰতিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰাত যোৱা নিশাৰে পৰা সামৰিক জুণ্টা প্ৰশাসনে সমগ্ৰ দেশ খনতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।

ফলত বহিঃ বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।ইপিনে য়াংগুনৰ ৰাজপথত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা শিক্ষাৰ্থীসকলৰ অপৰত আজিও সেনাই পানী হিলৈ নিক্ষেপ কৰাৰ বাতৰি আহিছে।

ম্যানমাৰৰ ছাত্ৰ সংগঠনসমূহে দেশ খনত গা কৰি উঠা নৈৰাজ্য দূৰ কৰাৰ বাবে চীনৰ হস্তক্ষেপ কামনা কৰি বেইজিঙলৈ চিঠি লিখিছে।ইপিনে সামৰিক শাসক জুণ্টাই ম্যনমাৰৰ শেহতীয়া ঘটনাৱলীক সেনা অভ্যুত্থান আখ্যা নিদিবলৈ দেশ খনৰ লগতে বিদেশৰ সংবাদ মাধ্যমক সকিয়াই দিছে।

ম্যানমাৰৰ প্ৰধান চহৰ য়াংগুনৰ ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলে সেনাই আটক কৰি ৰখা গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে দেশত খনত পুনৰ গণতন্ত্ৰৰ শাসন প্ৰতিষ্ঠাৰ দাবী জনায়।

উল্লেখ্য যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক শাসকে  ম্যানমাৰত বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল।

সামৰিক শাসকে দেশ খনৰ পৰা সকলো বিমানৰ উৰণ তথা বাহিৰৰ পৰা অহা বিমানৰ অৱতৰণত নিষেধোজ্ঞা জাৰি কৰিছে।

উল্লেখ্য ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী  মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰিছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান ছ্যুকীক আটক কৰি ৰাখিছে।

Related News