NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা; ভালেসংখ্যক বাসগৃহত অগ্নিসংযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 8:57 am

অসম-মিজোৰাম সীমান্তত মঙলবাৰৰ পৰা পুনৰ নতুন উত্তেজনাই বিৰাজ কৰিছে।

অসম-মিজোৰাম সীমান্তত দুষ্কৃতিকাৰীয়ে ভালেসংখ্যক ঘৰ জ্বলাই দিয়াৰ লগতে এই ঘটনাৰ ফলত বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে।

আনহাতে, সংঘৰ্ষৰ পাছতে দুয়োপক্ষই সংঘৰ্ষৰ বাবে দুয়োপক্ষক জগৰীয়া কৰা দেখা গৈছে।

অসম আৰু মিজোৰাম সীমান্তৰ স্থানীয় নাগৰিক সকলে সীমান্ত অঞ্চলত সৃষ্টি হোৱা এনে উত্তেজনাময় পৰিস্থিতিৰ বাবে উভয় পক্ষক দোষাৰোপ কৰে।

মিজোৰামৰ কোলাচিব জিলাৰ বিতৰ্কিত বাইৰবি-জোপাহি অঞ্চলত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ইপিনে, অসমৰ হাইলাকান্দি জিলাৰ কচুৰথল অঞ্চলত সংঘৰ্ষৰ সূত্ৰপাত ঘটে বুলি বাতৰি লাভ কৰা গৈছে।

মঙলবাৰে সন্ধিয়া অসম আৰু মিজোৰামৰ সীমান্ত অঞ্চলৰ লোক সকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

বৰ্তমানলৈ সংঘৰ্ষৰ ফলত কিমান সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে সেই সম্পৰ্কে প্ৰকৃত তথ্য লাভ কৰা হোৱা নায়।

কিছুসংখ্যক লোকে সংঘৰ্ষৰ ফলত তিনিগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে কিছুসংখ্যক লোকে দহ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলি সদৰী কৰিছে।

সংঘৰ্ষৰ ফলত অসমৰ ভূমিত থকা ২০ গৃহ আৰু মিজোৰামৰ ভূমিত থকা ৬ টা গৃহত অগ্নিসংযোগ কৰা হয় বুলিও তথ্য লাভ কৰা গৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুয়োখন ৰাজ্যৰ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।