NORTHEAST NOW (Assamese)
অসম

পুনৰ উত্তপ্ত মণিপুৰ! নিৰাপত্তাৰক্ষীৰ সৈতে কুকি গোষ্ঠীৰ প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, আহত বহু লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2025 8:37 am

কুকি গোষ্ঠীৰ প্ৰতিবাদকাৰীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। এই ঘটনাত প্ৰতিবাদকাৰীৰ বহু লোক আহত হয়। ৰাজ্যখনৰ কাংপোকপি জিলাত সংঘটিত হৈছে এই ঘটনা।

কিছুদিন পূৰ্বে সেনাবাহিনীয়ে পাহাৰীয়া অঞ্চলত কুকি গোষ্ঠীৰ বাংকাৰ ভাঙি পেলোৱাৰ কাম কৰিছিল। সেই কামত বাধা দিয়াত সংঘৰ্ষৰ সৃষ্টি হয়। শুকুৰবাৰে এই উদ্দেশ্যে সেনাবাহিনীৰ যান-বাহন বন্ধ কৰিবলৈ পথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয়।

এই সময়তে সেনাবাহিনীয়ে বাধা দিয়াৰ লগে লগে কুকি গোষ্ঠীৰ প্ৰতিবাদকাৰীসকলে জিলাখনৰ উপ আয়ুক্তৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে সেনাই কন্দুৱা গেছ আৰু শূন্যলৈ গুলী নিক্ষেপ কৰি তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। তাত বহু লোক আহত হয়।

মণিপুৰৰ কাংপোকপি জিলাৰ লয়চিং ৰিজ অঞ্চলত সোমবাৰে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ভাৰতীয় সেনা, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে। সেই অভিযানত এম ৭৯ গ্ৰেনেড লঞ্চাৰ, স্নাইপাৰ, এটা চিংগল বেৰেল গান আৰু দুটা ৯ এম এম পিষ্টলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰা হয়।

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে মহিলাসকলৰ পৰা বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই সময়ত তেওঁলোকৰ বিৰুদ্ধে লাঠিচাৰ্জৰ অভিযোগ উত্থাপন হৈছিল। পৰিস্থিতি উত্তেজনাপূৰ্ণ আছিলেই, শুকুৰবাৰৰ ঘটনাই যেন পৰিস্থিতি অধিক অৱনতি ঘটালে।

গাঁওখনৰ পৰা নিৰাপত্তা বাহিনী আঁতৰোৱাৰ দাবীত কাৰ্যালয়ত আক্ৰমণ চলোৱা হয়। এই আক্ৰমণত অধীক্ষকৰ কাৰ্যালয়ৰ উপৰিও কেইবাখনো আৰক্ষীৰ গাড়ীও ভাঙি পেলোৱা হয়।

উল্লেখ্য যে যোৱা বছৰৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰ উত্তপ্ত হৈ আছে। এই পৰ্যন্ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ হেৰুৱাইছে।