NORTHEAST NOW (Assamese)
Popular Stories

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2025 12:56 pm
হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

ৰাজ্যত পুনৰ এক ৰোমহৰ্ষক ঘটনা সংঘটিত হৈছে। সামান্য কথাতে ওদালগুৰিত গুলীচালনা কৰিলে এজন বন্ধুক।

টংলাৰ ঘুনিখাতত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। গোলাপ বড়ো নামৰ এজন বন্ধুৱে গুলীয়ালে ৰেৱ বৰা নামৰ এজন বন্ধুক।

জানিব পৰা অনুসৰি গোলাপ বড়োয়ে হাতীবান্ধাৰ ৰেব বড়োৰ সৈতে খাবৰ বাবে হাঁহৰ মাংস ৰন্ধাৰ কথা কৈছিল। ৰেৱ বড়োৱে ৰান্ধিব নোৱাৰো বুলি কোৱাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

তাৰ পাছতে গোলাপ বড়োয়ে নিজৰ লগত থকা অনুজ্ঞাপত্ৰহীন আগ্নেয়াস্ত্ৰৰে ৰেব বড়োৰ ভৰিত গুলীচালনা কৰে।

তাৰ পাছতে স্থানীয় ৰাইজে ধৃত গোলাপ বড়োক কাৰায়ত্ব কৰি উত্তম মাধ্যম শোধাই কলাইগাঁও আৰক্ষীক গতাই দিয়ে। বৰ্তমান আঘাতপ্ৰাপ্ত ৰেব বড়ো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।