NORTHEAST NOW (Assamese)
অসম

২০২০ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হ’ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2019 8:32 pm
assam-kGM-

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে নিৰ্মাণৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য্যৰ বিভিন্ন দিশ সম্পৰ্কে পৰ্যালোচনা কৰাৰ উপৰিও নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ খতিয়ান লয়।

বৈঠকত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলে মুখ্য মন্ত্ৰীক ২০২০ চনৰ জুলাই মাহত পাঠ্যক্ৰম আৰম্ভ কৰিব পৰাকৈ মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য্য দ্ৰুত গতিত চলাই থকা হৈছে বুলি অৱগত কৰে।

বিষয়া সকলে প্ৰাথমিক অৱস্থাত ৩০০ খন বিছনাৰে চিকিৎসা মহাবিদ্যালয়খনৰ শুভাৰম্ভণি কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে চলিত বছৰৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত এম চি আইৰ প্ৰতিনিধি দলে চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰিব বুলিও মুখ্য মন্ত্ৰীক জনায়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনত সেউজ বাতাবৰণ সৃষ্টিৰ বাবে বৃক্ষৰোপনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব লাগিব বুলিও কয়।

শিক্ষানুষ্ঠানখনৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বে ২ হাজাৰ জোপা বৃক্ষ ৰোপন কৰিবলৈও সোণোৱালে নিৰ্দেশ দিয়ে।

লখিমপুৰ চিকিৎসা মহাবিদ্যালখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিলে অসমৰ বাহিৰেও প্ৰতিৱেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰোগী সকলো উপকৃত হ’ব বুলি আশা কৰা হৈছে।