NORTHEAST NOW (Assamese)
Popular Stories

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 3, 2026 7:05 am

ভাৰতীয় খাদ্যৰ সোৱাদ আৰু সুগন্ধিৰ কথা সমগ্ৰ বিশ্বতে বিখ্যাত। ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ দৰেই খাদ্যৰো আছে এক সুকীয়া পৰিচয়। কিন্তু আপুনি জানেনে যে ভাৰতৰ কেৱল খাদ্যৰ সোৱাদেই নহয়, ইয়াৰ বিশাল আকাৰেও গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। আমাৰ দৈনন্দিন জীৱনত খোৱা কেইবিধমান সাধাৰণ খাদ্যই নিজৰ বিশাল ৰূপৰ বাবে বিশ্ব দৰবাৰত চৰ্চা লাভ কৰিছে। তেনে কেইবিধমান আশ্চৰ্যজনক ৰন্ধন প্ৰক্ৰিয়াৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

বিৰিয়ানিৰ নাম শুনিলেই বহুতৰ জিভাত পানী আহে। ২০০৮ চনত দিল্লীৰ এদল ৰান্ধনিয়ে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিৰিয়ানি প্ৰস্তুত কৰি এক অভিলেখ গঢ়িছিল। এই বিৰিয়ানিৰ ওজন আছিল ১৪.০৬ টন। হাজাৰ হাজাৰ কিলোগ্ৰাম চাউল, মাংস, ঘিউ আৰু মছলা মিহলাই ইয়াক প্ৰস্তুত কৰা হৈছিল। ইমান বিশাল পাত্ৰত ৰন্ধাৰ পিছতো কিন্তু ইয়াৰ সোৱাদৰ কোনো কমতি হোৱা নাছিল।

খিচুৰি আমাৰ সকলোৰে পৰিচিত আৰু এবিধ অতি সাধাৰণ খাদ্য। কিন্তু এই খিচুৰিয়েও এক অসাধাৰণ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০১৭ চনত দিল্লীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ফুড ইণ্ডিয়া অনুষ্ঠানত প্ৰসিদ্ধ ৰান্ধনি সঞ্জীৱ কাপুৰৰ নেতৃত্বত প্ৰায় ৫০ জন ৰান্ধনিয়ে মিলি ৯১৮ কিলোগ্ৰাম ওজনৰ খিচুৰি ৰান্ধিছিল। চাউল আৰু ডাইলৰ এই পুষ্টিকৰ খাদ্যবিধ বিশ্ব ৰেকৰ্ড গঢ়াৰ পিছত দৰিদ্ৰ আৰু অনাথ লোকসকলৰ মাজত বিলাই দিয়া হৈছিল।

মিঠাইৰ অবিহনে ভাৰতীয় কোনো উৎসৱেই সম্পূৰ্ণ নহয়। ২০১৬ চনত অন্ধ্ৰপ্ৰদেশৰ তাপেশ্বৰমৰ এজন মিঠাই ব্যৱসায়ী পি ভি ভি এছ মল্লিকাৰ্জুন ৰাওৱে এটা বিশাল আকাৰৰ বুন্দিয়াৰ লাডু প্ৰস্তুত কৰিছিল। এই লাডুটোৰ ওজন আছিল ২৯,৪৬৫ কিলোগ্ৰাম। বেচন, চেনি, ঘিউ আৰু ড্ৰাই ফ্ৰুইটছেৰে তৈয়াৰী এই বিশাল মিঠাইবিধ দেখি সমগ্ৰ বিশ্বই আচৰিত হৈছিল।

দক্ষিণ ভাৰতীয় খাদ্য দোচা প্ৰায় সকলোৰে প্ৰিয়। ২০১৪ চনত হায়দৰাবাদৰ ২৯ জন ৰান্ধনিয়ে মিলি ১৬.৬৮ মিটাৰ অৰ্থাৎ প্ৰায় ৫৪ ফুট ৮ ইঞ্চি দীঘল এখন দোচা প্ৰস্তুত কৰি এক নতুন অভিলেখ গঢ়িছিল। ইমান দীঘল হোৱাৰ পিছতো দোচাখন আছিল একেবাৰে সাধাৰণ দোচাৰ দৰেই মচমচীয়া আৰু সুস্বাদু।

আমি সদায় খোৱা ৰুটীয়েও যে বিশ্ব ৰেকৰ্ড কৰিব পাৰে, সেই কথা হয়তো কোনেও ভবা নাছিল। ২০১২ চনত গুজৰাটৰ জামনগৰত অনুষ্ঠিত হোৱা এক উৎসৱত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰুটীখন বনোৱা হৈছিল। এই ৰুটীখনৰ ওজন আছিল ১৪৫ কিলোগ্ৰাম। ইয়াক সেকিবলৈ ৩ মিটাৰ দীঘল আৰু ৩ মিটাৰ বহল এখন বিশেষ ধাতুৰ তাৱা ব্যৱহাৰ কৰা হৈছিল আৰু বহুতো মানুহে মিলি এই কামটো সম্পন্ন কৰিছিল।