NORTHEAST NOW (Assamese)

এগৰাকী ধৰ্ষিতাৰ পৰা লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰলৈ জেছমিন ম’ছা; এক অনুপ্ৰেৰণামূলক জীৱন কাহিনী

March 18, 2020 4:00 pm · এন ই নাও নিউজ
Updated: March 19, 2020 12:43 pm
জেছমিন ম'ছা, ফ'টো-ইনষ্টাগ্ৰাম

মাত্ৰ ১৮ বছৰীয়া এগৰাকী যুৱতী। সমাজত তাই পৰিচিতা এগৰাকী ডিৰ্ভোছীৰূপে।

অদম্য জীৱনবোধ, জীৱনীশক্তিৰ অধিকাৰিণী যুৱতী গৰাকী বৰ্তমান লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰ।

যুৱতী গৰাকীৰ নাম হ’ল জেছমিন ম’ছা।

কেৰেলাৰ কালিকোটৰ এখন অতি ভিতৰুৱা ঠাইৰ জেছমিনক পৰিয়ালে বিয়া দিছিল মাত্ৰ ১৭ বছৰ বয়সতে। বিয়াৰ দিনাহে প্ৰথমবাৰ দেখিছিল স্বামীক।

জীৱন কি বুজি উঠাৰ পূৰ্বে পৰিয়ালৰ হেঁচাত বিবাহপাশত আৱদ্ধ হোৱা জেছমিনৰ জীৱনটো হৈ পৰিছিল অতিশয় দুৰ্বিষহময়।

দাম্পত্য জীৱনৰ প্ৰথমটো নিশাই স্বামীয়ে তাই ইচ্ছাৰ বিৰুদ্ধে গৈ জোৰ-দবৰদস্তিৰে স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্ক।

তাইৰ ভাষাত স্বামীয়ে তাইক কৰিছিল ধৰ্ষণ। দৈনিক পুনৰাবৃত্তি ঘটিছিল এই কাণ্ডৰ। তাইৰ সন্মতি অসন্মতিৰ কোনো গুৰুত্ব নাছিল স্বামীৰ ওচৰত। দৈনিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলিছিল জেছমিনৰ ওপৰত।

এদিন জেছমিন গৰ্ভৱতী হ’ল। স্বামীৰ অত্যাচাৰ কিন্তু নকমিল। এদিন ৰাতি জেচমিনৰ পেটত স্বামীয়ে প্ৰচণ্ড গুৰ শুধাই গৰ্ভস্থ সন্তানটো হত্যা কৰিলে।

কেইবা সপ্তাহৰ চিকিৎসাৰ অন্তত জেচমিন সুস্থ হৈ উঠিল। ভাঙি পৰিল জেছমিন।

তাৰপিছত তাই ৰৈ নাথাকিল। ঘৰলৈ খবৰ পঠিয়ালে।

স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ তৰিলে। স্বামী কাৰাৰুদ্ধ হ’ল।

স্বামীক ডিৰ্ভোছ দিলে। তেতিয়া তাইৰ বয়স মাত্ৰ ১৮ বছৰ। ১৮ বছৰীয়া জেছমিন ডিৰ্ভোছী হৈ ঘৰলৈ উভতি আহিল। কিন্তু ওচৰ চুবুৰীয়াই জেছমিনক গাঁৱত শান্তিৰে জীয়াই থাকিবলৈ নিদিলে। গাঁৱত ডিৰ্ভোছীয়ে স্বাভাৱিক জীৱন কটাব নোৱাৰে!

জেছমিনে ঘৰৰ পৰা গুচি গ’ল কোচিলৈ। কোচিৰ এখন প্ৰতিষ্ঠিত ফিটনেছ চেন্টাৰত

ৰিচেপশ্যনিষ্টৰূপে যোগ দিলে।

জেছমিনে কয় ‘তেতিয়াৰ পৰাই মই নিজক মানসিক আৰু শাৰীৰিকভাৱে গঢ়ি তুলিবলৈ আৰম্ভ কৰিলো। ফিটনেছ প্ৰতিষ্ঠানটোৰ মানুহখিনিয়ে মোৰ মনোবল বৃদ্ধি কৰাৰ লগতে জীয়াই থকাৰ অনুপ্ৰেৰণা দিলে। আৰু এইদৰে তেওঁলোকৰ সহায়ত মই নিজকে গঢ়ি তুলিলো।’

তাই নিজৰ ভাষাত তাই এগৰাকী ধৰ্ষিতা। ধৰ্ষিতাৰ পৰা কঠোৰ পৰিশ্ৰমেৰে তাই এতিয়া নিজক এগৰাকী লেভেল থ্ৰীৰ ফিটনেছ ট্ৰেইনাৰৰূপে গঢ়ি তুলিছে।

‘এতিয়া মোৰ এটা চাকৰি আছে, মোৰ এটা পৰিচয় আছে আৰু মোক ভাল পোৱা মানুহে মোক সদায় আগুৰি থাকে। মই তেতিয়া ভাবিছিলো মই আৰু জীয়াই নাথাকিম। কিন্তু মই সিদ্ধান্ত লৈছিলো যে মোৰ জীৱনটো মোৰ দৰে সজাব খুজো আৰু মোৰ দৰে জীয়াব খুজো; আৰু জীৱনৰ প্ৰতি গঢ়ি উঠা এই দৃষ্টিভংগীয়ে মোক সলনি কৰি আজিৰ জীৱনটোক দিছে।’

Related News