NORTHEAST NOW (Assamese)

ডেলিভেৰী বয়ৰ পৰা ২২ গজৰ নায়কলৈ…: কল্পকথা নহয়, বাস্তৱ

October 18, 2023 12:09 pm · এন ই নাও নিউজ, গুৱাহাটী

চন ২০২০; কৰ’ণা মহামাৰীৰ গ্ৰাসত বিশ্ব। বিশ্বজুৰি জীয়াই থকাৰ বাবে জীৱন-সংগ্ৰামৰ এক মহাৰণত ত্ৰস্তমান সকলো। পেটৰ ভোক নিৰাময়ৰ যুঁজত, জীয়াই থকাৰ বাসনাৰে খাদ্য ডেলিভেৰীৰ পেছাত জড়িত হৈ পৰে এগৰাকী যুৱক।

উবেৰ ইটছৰ জৰিয়তে নেডাৰলেণ্ডৰ গলিয়ে গলিয়ে খাদ্য ডেলিভাৰী কৰি জীৱন নিৰ্বাহ কৰিছিল এই যুৱকজনে। সেয়া আছিল ২০২০ চনৰ কথা। কৰ’ণা মহামাৰীৰ কৰাল গ্ৰাসে আৱৰা সময়ৰ কথা।

চন ২০২৩, ১৭ অক্টোবৰ। স্থান ভাৰতৰ ধৰমশালাৰ ক্ৰিকেট ষ্টেডিয়াম। খবৰ ক্ৰিকেট বিশ্বকাপৰ। প্ৰথম দুয়োখন মেচত দুৰন্ত জয়েৰে অদম্য ৰূপত দক্ষিণ আফ্ৰিকা। সমুখত পূৰ্বৰ দুয়োখন মেচত পৰাস্ত হোৱা নেডাৰলেণ্ড।

এই নেডাৰলেণ্ডেই ৰুদ্ধ কৰিলে দুৰন্ত দক্ষিণ আফ্ৰিকাৰ অদম্য গতি। ২৪৫ ৰাণৰ লক্ষ্য অনুসৰণত নামি পৰা প্ৰটিয়াছ বাহিনী থমকি ৰ’ল ২০৭ ৰাণতে। থমকিবলৈ বাধ্য কৰিলে ডাচ্চ বাহিনীয়ে।

শক্তিশালী প্ৰটিয়াছ বাহিনীৰ বেটিং লাইন আপক থকা-সৰকা কৰি নেডাৰলেণ্ডৰ সন্মিলিত বলিং আক্ৰমণে কঢ়িয়াই আনিলে পৰম আকাংক্ষিত বিজয়। এই আক্ৰমণৰে অন্যতম অংশীদাৰ আছিল দলটোৰ এগৰাকী পেচাৰ।

নাম তেওঁৰ পল ভান মিকেৰেন। এইজনেই সেইজন যুৱক, যি কৰ’ণাৰ ভয়াৱহতাৰ সময়ত পেটৰ দায়ত নেডাৰলেণ্ডৰ গলিয়ে গলিয়ে ডেলিভেৰী কৰিছিল খাদ্য। কালি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে নেডাৰলেণ্ডৰ জয়ৰ পিছতে শিৰোনামলৈ আহিছে মিকেৰেনৰ এই পূৰ্ব কথা।

২০২০ চনত এটা টুইটৰ জৰিয়তে ভান মিকেৰেনে প্ৰকাশ কৰে যে ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপ স্থগিত ৰখাৰ পিছত তেওঁ উবেৰ ইটছৰ জৰিয়তে খাদ্য ডেলিভাৰী কৰিছিল।

 

এক সাক্ষাৎকাৰত মিকেৰেনে স্বীকাৰ কৰিছিল যে কৰ’ণা মহামাৰীৰ বাবে ক্ৰিকেটলৈ নামি অহা অনিৰ্দিষ্টকালীন বিৰতিৰ বাবে তেওঁ উবেৰ ইটছৰ চাকৰি ল’ব লগা হৈছিল। তেওঁৰ হাতত কিছু সঞ্চয় আছিল যদিও ভৱিষ্যতৰ চিন্তাৰে তেওঁক প্ৰয়োজন হৈছিল আয়ৰ।

তেওঁৰ স্ব-ভাষ্য মতেই, আৰম্ভণিতে তেওঁ কেৱল পেট্ৰ’ল, খাদ্য, ভাড়া, ফোন বিল আৰু তেনধৰণৰ কামৰ দৰে সাধাৰণ বিষয়বোৰ জোৰা মাৰিব চাকৰি বিচাৰিছিল। ইয়াৰ বাবে তেওঁ কেতিয়াও লজ্জা অনুভৱ কৰা নাছিল বুলিও মিকেৰেন মন্তব্য কৰিছিল।

কালি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে নেডাৰলেণ্ডৰ জয়ত মিকেৰেনে দখল কৰিছিল প্ৰটিয়াছ অধিনায়ক আইডেন মাৰ্ক্ৰাম আৰু মাৰ্কো জেনছেনৰ উইকেট। মিকেৰেনে আকৰ্ষণীয় বলিং স্পেলেৰে ৯ অভাৰত খৰচ কৰিছিল মাত্ৰ ৪০ ৰাণ।

মেচখনত জয়ৰ পিছতে, লগতে মিকেৰেনে আগবঢ়োৱা প্ৰশংসাযোগ্য প্ৰদৰ্শনৰ পিছতে খেলুৱৈগৰাকীৰ তিনিবছৰ পুৰণি সেই নিৰ্দিষ্ট টুইটটো তথা তেওঁৰ সাক্ষাৎকাৰটো পুনৰ চৰ্চালৈ আহে।

কেৰিয়াৰৰ এক কঠিন সময়ত জীৱনৰ সৈতে সংপৃক্ত হৈ পৰা এনে এটা অধ্যায়ৰ পৰা ভান মিকেৰেনৰ উত্থানৰ এই কাহিনী এতিয়া হৈ পৰিছে অসীম ধৈৰ্য আৰু দায়বদ্ধতাৰ নিখুঁত উদাহৰণ।

Related News