NORTHEAST NOW (Assamese)
Popular Stories

২০ জুলাইৰ পৰা গুৱাহাটী আনল’ক-১ : কি কি ৰেহাই পাব মহানাগৰিকে আনল’ক-১ত ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 18, 2020 6:30 pm
index.jpg

অহা ২০ জুলাইৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনলক ১।

আনল’ক ১ত বহু ক্ষেত্ৰত শিথিলতা আনিছে ৰাজ্য চৰকাৰে।

অহা  ২ আগষ্টলৈকে গুৱাহাটীত আনল’ক বাহাল থাকিব বুলি এক সংবাদমেলযোগে জনায় ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই।

মহানগৰীৰ সকলো দোকান-বজাৰ খোলা থাকিব যদিও ৰাস্তাৰ এটা পাৰত পৰ্যায়ক্ৰমে এদিন খোলা থাকিব দোকানসমূহ।

৭ বজাৰ পৰা ৫ বজালৈকে দোকানসমূহ খোলা ৰখাৰ নিৰ্দেশনা দিয়া হৈছে।

পাইকাৰী আৰু আন সামগ্ৰী বিক্ৰী সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব বুলি তেওঁ সংবাদমেলত জনায়।

অৱশ্যে আনলক-১ত জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান বন্ধ থাকিব।

ইয়াৰোপৰি, তেওঁ জনোৱা অনুসৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব।

সকলো কাৰ্যালয়তে ক’ৰ’ণা পৰীক্ষা কৰিব লাগিব।

তদুপৰি সকলো নিৰ্মাণ কাৰ্যৰ কাম চলাই নিব পাৰিব বুলি তেওঁ জনায়।

পাৰ্লাৰ আৰু চেলুন কেৱল চুলি কটাৰ বাবে মুকলি কৰিব পাৰিব বুলি তেওঁ জনায়।

ৰিপড’, কেব, অটো, ৰিক্সা চলাব পাৰিব যদিও চালকে চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব৷

কেব, অটো ৰিক্সা আৰু ৰিক্সাত ইত্যাদি কেৱল দুজন যাত্ৰী নিব পাৰিব। সকলোৱে কোভিড১৯ নিগেটিভ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব আৰু প্ৰত্যেক ভাড়া মৰাৰ পাছত চেনিটাইজ কৰিব লাগিব।

তাৎপৰ্যপূৰ্ণভাবে ব্যক্তিগত বাহন চলাচল নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। কেৱল জৰুৰীকালীন আৰু কাৰ্যালয় সংক্ৰান্তীয় কামতহে ব্যক্তিগত বাহন চলাচল কৰিব পাৰিব।

সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৮ বজালৈকে অব্যাহত থাকিব বুলি মুখ্য সচিবে জনায়।

সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা থাকিব। কিন্তু  বুধবাৰৰ পৰা এই সেৱা বন্ধ থাকিব বুলি তেওঁ জনায়।