NORTHEAST NOW (Assamese)
অসম

১ ছেপ্তেম্বৰৰ পৰা শিক্ষক, কৰ্মচাৰীক কৰ্মস্থলীলৈ যোৱাৰ নিৰ্দেশ ছিকিম চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 10:32 pm

এক ছেপ্তেম্বৰৰ পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে ধৰি সকলো ধৰণৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক, কৰ্মচাৰী সকলক নিয়মীয়াকৈ কৰ্তব্যস্থলীলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে ছিকিম চৰকাৰে।

”তেওঁলোকে নিজৰ কৰ্মস্থলীৰ পৰা ডিজিটেল অথবা স্বাভাৱিকভাৱে পাঠদানত ব্ৰতী হ’ব লাগিব,” নিৰ্দেশনাটোত এইদৰে উল্লেখ কৰা হয়।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বিদ্যালয়, মহাবিদ্যালয় সমূহ ৩১ আগষ্টলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল।

ছিকিমৰ লগতে অসম চৰকাৰেও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ শিক্ষক, কৰ্মচাৰী সকলক বাধ্যতামূলকভাৱে শিক্ষানুষ্ঠান সমূহলৈ যোৱাৰ বাবে নিৰ্দেশ দিছিল।

শিক্ষক তথা অধ্যাপক সকলে নিজ কৰ্মস্থলীলৈ উভতি যোৱাৰ পূৰ্বে কোভিড পৰীক্ষা কৰাটো বাধ্যমূলক হিচাপেও নিৰ্দেশনা জাৰি কৰিছিল অসমৰ শিক্ষা বিভাগে।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক সকল শিক্ষানুষ্ঠানলৈ গলেও ভাৰত চৰকাৰৰ নিৰ্দেশনা অহাৰ পাছতহে শিক্ষানুষ্ঠানসমূহ সম্পুৰ্ণ ৰূপে খোলা হ’ব বুলি মন্তব্য কৰিছিল।