NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা হৈছে বেংক বন্ধ : কিমান দিনলৈ বন্ধ থাকিব বেংক আৰু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 8:17 pm
index.jpgk

আজিৰ পৰা অহা সাত দিনৰ বাবে প্ৰায়ে বন্ধ হৈছে বেংক।

২৭ মাৰ্চৰ পৰা (যদিও মাজতে দুদিন খোলা হ’ব!) অহা ৪ মাৰ্চলৈকে বন্ধ থাকিব বেংক।

ৰিজাৰ্ভ বেংকে ঘোষণা কৰা বেংক কেলেণ্ডাৰ অনুসৰি মাৰ্চৰ শেষ সপ্তাহৰ পৰা এপ্ৰিলৰ প্ৰথম সপ্তাহলৈ বেংক বন্ধ থাকিব।

২৭ আৰু ২৯ মাৰ্চলৈ চতুৰ্থ শনিবাৰ আৰু হোলীৰ উপলক্ষ্যে বেংক বন্ধ থাকিব।

তলত বেংক বন্ধ সূচীৰ দিয়া হৈছে—

২৭ মাৰ্চত মাহৰ চতুৰ্থ শনিবাৰ। ২৮ মাৰ্চ দেওবাৰ।

২৯ মাৰ্চত হোলী, অৱশ্যে ৩০ মাৰ্চত কিছুমান বেংক খোলা থাকিব।

৩১ মাৰ্চত বিত্তীয় বৰ্ষৰ অন্তিম দিনৰ বাবে বন্ধ থাকিব।

১ এপ্ৰিলত বাৰ্ষিক একাউন্টৰ বন্ধ কৰাৰ বাবে বেংক সেৱা বন্ধ থাকিব।

২ এপ্ৰিলত গুড ফ্ৰাইদে’ আনহাতে ৩ এপ্ৰিল কৰ্তব্যৰ দিন হ’লেও ৪ এপ্ৰিল হৈছে দেওবাৰ।