NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা ৰাজ্যৰ গ্ৰীণ জ’নত খুলিব সুৰাৰ বিপণী

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া May 2, 2020 1:50 pm

ল’কডাউনৰ সময়ত গ্ৰীণ জ’ন এলেকা সমূহত আজিৰে পৰা সুৰাৰ বিপণী সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

আবকাৰী বিভাগৰ জন সম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই আমাৰ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, অহা ৪ মে’ ৰ পৰা দেশৰ সুৰাৰ বিপণী সমূহ খোলাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অনুমতি প্ৰদান কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ নিয়ম অনুসৰি গ্ৰীন জ’নত সুৰাৰ বিপণী সমূহ খুলিব পৰা যাব। অৱশ্যে, সুৰাৰ বিপণী খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজে সিদ্ধান্ত ল’ব পাৰিব।

সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ দিলেও এই ক্ষেত্ৰত গ্ৰাহক সকলে সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে আন কিছু নীতি-নিৰ্দেশনা পালন কৰিব লাগিব। গ্ৰাহকসকলে সুৰাৰ বিপণীৰ বাহিৰত ছয়ফুট দূৰত্ব বজাই ৰাখিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে।

আনহাতে, সুৰাৰ বিপণী সমূহৰ সন্মুখত পাঁচজনত কৈ অধিক ব্যক্তি সমবেত হ’ব নোৱাৰিব বুলি নিৰ্দেশনা দিয়া হৈছিল।

ৰাজহুৱা স্থানত সুৰাপান কৰিব নোৱাৰিব বুলিও উল্লেখ আছে নিৰ্দেশনাত।