NORTHEAST NOW (Assamese)
অসম

মানৱ আধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ জী টাউন excellence বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2020 8:19 am
index

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্যন তথা সামাজিক আলোচনী জী টাউন চ’চাইটি এ আন কেইবছৰৰ দৰে এইবাৰো বলিউদ, ফেশ্যন, সমাজ সেৱা, শিক্ষা আদিত বিশেষ ভাবে সেৱা আগবঢ়োৱা ব্যক্তিক বঁটা প্ৰদান কৰে।

নতুন দিল্লীৰ মেজৰ ধ্যান চন্দ ষ্টেডিয়ামত অনুষ্ঠিত উক্ত বঁটা প্ৰদান অনুষ্ঠানত অন্ধবিশ্বাস, ডাইনী কাণ্ড, সন্ত্ৰাসবাদ, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে তথা মহিলা সৱলিকৰণ, শিক্ষা তথা বিশেষকৈ শান্তি আৰু মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসমৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক G–TOWN Society Excellence বঁটা প্ৰদান কৰা হয়।।

বিগত দুটা দশক ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু মানৱতাৰ হকে কাম কৰি অহা ড০ দিব্যজ্যোতি শইকীয়াই জী টাউন বঁটাৰ পূৰ্ব্বে প্ৰায় ৪২ তাত কৈ আধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ইযাৰ ভিতৰত বাবু জগ জীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ড০ ভূপেন হাজৰিকা শান্তি বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, ষ্টাৰ ইণ্ডিয়া ৰিপাব্লিক বঁটা, ভালেকেইটা উপাধি, সম্বৰ্ধনা আদিৰ উপৰি অন্ধবিশ্বাসৰ বিৰূদ্ধে চলোৱা সংগ্রামৰ বাবে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীতেই অসমত ডাইনী কাণ্ড ৰোধ আইন প্ৰণয়ন তথা বলবৎ হয়।

উল্লেখযোগ্য যে জী টাউন মেগাজিনৰ উক্ত বঁটা প্ৰদান অনুষ্ঠানত ড০ দিব্যজ্যোতি শইকীয়াৰ উপৰি বলিউদ অভিনেত্ৰী মিনিশা লামবা, বিশিষ্ট ক্ৰিকেট প্ৰশিক্ষক এম পি সিং, বিশিষ্ট ব্যৱসায়ী চানি সিং আদি উপস্থিত থাকে।