NORTHEAST NOW (Assamese)
অসম

চামগুৰিত জুৱাৰ ঘাটী উৎখাত, নগদ ধনসহ ৮জন জুৱাৰী আটক

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 14, 2019 12:20 pm

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হোৱা নগাঁৱৰ চামগুৰিৰ ভিতৰুৱা বহু কেইটা অঞ্চলত সোমবাৰে নিশা আৰক্ষীয়ে অবৈধ জুৱা খেলৰ বিৰুদ্ধে এক অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে ৮জনকৈ লোকক আটক কৰে।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ এটা বৃহৎ দলে চামগুৰিৰ পশ্চিম মোৱামাৰিত নিশা চলোৱা এই অভিযানত দলটোৱে এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে ১৪খন বাইকসহ প্ৰায় ত্ৰিশ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন জুৱাৰীৰ দলটো

আৰক্ষীৰ সূত্ৰই জনোৱা মতে এটা অসাধু চক্ৰই অঞ্চলটোত দীৰ্ঘদিন ধৰি জুৱাৰ আড্ডা চলাই অহাৰ অভিযোগ বহুদিন ধৰি উত্থাপিত হৈ আহিছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত চামগুৰি আৰক্ষীয়ে সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি অতৰ্কিতে ঠাই ডোখৰত অভিযান চলায়।

অৱশ্যে আৰক্ষী অহাৰ উমান পাই একাংশ জুৱাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়তো আৰক্ষীয়ে এনেদৰে অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।