NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত অপহৰণ কাণ্ডত জড়িত চক্ৰ উৎখাত; দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2024 11:08 am

বৃহস্পতিবাৰে গুৱাহাটীত অপহৰণৰ লগত জড়িত এটা চক্ৰৰ অংশ বুলি সন্দেহ কৰা দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, চলি থকা তদন্তৰ ভিত্তিত ফাৰুক আলী (২৪) আৰু আমিৰ আলী (৩৩) নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ২৭ ছেপ্টেম্বৰত এই দুজনে গভীৰ নিশা তেওঁলোকৰ কেব (এ এছ ০১ ডি আৰ ৪৯২৫) ভাড়া কৰি লৈ যোৱা বিহাৰৰ দুজন যাত্ৰী মুখলাল মিষ্ট্ৰী আৰু তেওঁৰ পুত্ৰক অপহৰণ কৰিছিল।

জালুকবাৰী উৰণীয়া সেতুত ভুক্তভোগীক অত্যাচাৰ চলাই ৭ হাজাৰ টকা, মোবাইল হেণ্ডছেট, মূল্যবান সামগ্ৰী লুটি লৈ যায়।

এই কাণ্ডৰ পিছতে ভুক্তভোগী দুজনে আৰক্ষীৰ কাষ চাপিছিল।

আৰক্ষীয়ে এটা গোচৰ (জালুকবাৰী পি এছ চি নং-৪৯১/২৪) ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে জনোৱা মতে, চিইআইআৰ পৰ্টেল ব্যৱহাৰ কৰি আৰু বেকৱাৰ্ড লিংকেজ ট্ৰেক কৰি দলটোৱে অভিযুক্তক সফলতাৰে কৰায়ত্ত কৰে আৰু অপৰাধত ব্যৱহৃত বাহনখন জব্দ কৰে।

আৰক্ষীয়ে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি একে অপৰাধমূলক ঘটনাৰ সৈতে জড়িত আন আন কাণ্ডসমূহৰ ভেদ উন্মোচন কৰিবলৈ অভিযুক্তৰ জেৰা অব্যাহত ৰাখিছে।