NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ লৰেঞ্চৰ ভাতৃ আনমোল বিষ্ণোই; আছে অপৰাধৰ দীঘলীয়া তালিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2024 7:33 am

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আনমোল বিষ্ণোইক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। আনমোল বিষ্ণোই হৈছে গেংষ্টাৰ লৰেঞ্চ বিষ্ণোইৰ ভাতৃ। প্ৰাৰম্ভিক সূত্ৰ অনুসৰি আনমোল এজন ভয়ংকৰ গেংষ্টাৰ। তেওঁৰ নাম কেইবাটাও হাই প্ৰফাইল হত্যাকাণ্ডৰ সৈতে জড়িত। ভাৰতৰ মষ্ট ৱাণ্টেড। সূত্ৰসমূহে তেওঁক কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে।

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰ অনুসৰি আনমোল বিষ্ণোইক জেৰা কৰা হ’ব পাৰে। আমেৰিকা প্ৰশাসনে প্ৰথমে তেওঁক কানাডাৰ কৰ্তৃপক্ষক গতাই দিব পাৰে। তাৰপিছত হৰদীপ সিং নিজ্জৰ হত্যাকাণ্ডৰ তদন্ত আৰু সোধা-পোছাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হ’ব পাৰে।

কেইবাবছৰ ধৰি পলাতক হৈ আছে আনমোল বিষ্ণোই। ভাৰতৰ পৰা পলাই গৈছিল। ককায়েক লৰেঞ্চ বিষ্ণোইক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ বিষ্ণোই গেং চম্ভালাৰ দায়িত্ব লয়। বৰ্তমান আনমোল অপৰাধমূলক কামকাজৰ নেটৱৰ্কৰ মুৰব্বী হৈ পৰে। বলীউডৰ ভাইজান ছলমান খানৰ বিৰুদ্ধে ঘৰৰ বাহিৰত গুলীচালনাৰ অভিযোগো আছে। ২০২২ চনত পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতেও বিষ্ণোই গোটৰ নাম জড়িত হৈ আছে।

শেহতীয়াকৈ আনমোলৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ ইউনিটে আনমোলৰ প্ৰত্যৰ্পনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন আই এৰ দ্বাৰা ৰুজু কৰা দুটা গোচৰ আৰু আন ১৮টা অপৰাধমূলক গোচৰো আনমোলৰ বিৰুদ্ধে বিচাৰাধীন হৈ আছে। ২০২৩ চনত প্ৰথমবাৰৰ বাবে ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি কানাডালৈ পলায়ন কৰিছিল আনমোলে। তেতিয়াৰ পৰাই তাতেই আছে। সেই বছৰৰ জুলাই মাহৰ পৰা তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু হৈছে।