NORTHEAST NOW (Assamese)
দেশ

কাৰাবন্দী গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ মৃত্যুঃ বিষক্ৰিযাৰ অভিযোগ পৰিয়ালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2024 10:56 am
Mukhtar Ansari

ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিছে উত্তৰ প্ৰদেশৰ বাণ্ডাত কাৰাবন্দী হৈ থকা গেংষ্টাৰ তথা ৰাজনীতিবিদ মুখতাৰ আনছাৰী। যোৱা নিশা অসুস্থ অৱস্থাত কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ নিয়াৰ পিছত মৃত্যু হয় আনছাৰীৰ।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ৮.২৫ বজাত জিলা কাৰাগাৰৰ পৰা আনছাৰীক বাণ্ডাৰ ৰাণী দুৰ্গাৱতী চিকিৎসা মহাবিদ্যালয়লৈ অনা হয়।

কৰ্তৃপক্ষই সদৰী কৰা মতে, বমিৰ বাবে প্ৰায় অচেতন হৈ পৰা আনছাৰীক ৯ জনীয়া চিকিৎসকৰ দলে চিকিৎসা চলাইছিল। কিন্তু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় বুলি প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

আনছাৰীৰ মৃত্যুৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে নিষেধাজ্ঞা জাৰি কৰে। লক্ষ্ণৌৰ আৰক্ষী মুখ্য কাৰ্যালয়ে শুকুৰবাৰে বাণ্ডাত আনছাৰীৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব আৰু ইয়াৰ ভিডিঅ’ লোৱা হ’ব বুলি জানিবলৈ দিছে।

উল্লেখ্য যে আনছাৰী (৬০) ২০০৫ চনৰ পৰা উত্তৰ প্ৰদেশ আৰু পঞ্জাৱত কাৰাগাৰৰ আঁৰত আছিল। তেওঁৰ বিৰুদ্ধে ৬০টাতকৈও অধিক অপৰাধমূলক গোচৰ চলি আছিল। বহুজন সমাজবাদী পাৰ্টীৰ পৰা তেওঁ মাউ সদৰৰ পাঁচবাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ কেইবাখনো আদালতে ৮টা গোচৰত শাস্তি প্ৰদান কৰাৰ পিছত বাণ্ডা কাৰাগাৰত ভৰ্তি কৰোৱা হৈছিল আনছাৰীক। ইফালে আনছাৰীৰ মৃত্যুৰ পিছতে তেওঁৰ পৰিয়ালে শ্ল’ পইজনিঙৰ অভিযোগ তুলিছে।

আনছাৰীৰ ভাতৃ তথা গাজীপুৰৰ সাংসদ আফজল আনছাৰী, আৰু আনছৰীৰ পুত্ৰই জেলত তেওঁ বিষক্ৰিয়াৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত আইনৰ কাষ চাপিব বুলি পৰিয়ালে নিশ্চিত কৰিছে। আনহাতে পৰিয়ালৰ এনে অভিযোগ কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে।

উত্থাপিত এনে অভিযোগৰ ফলশ্ৰুতিত মুখতাৰ আনছাৰীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশৰ তদন্ত ঘোষণা কৰা হৈছে। ইফালে সমগ্ৰ উত্তৰ প্ৰদেশত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰি ফৌজদাৰী প্ৰক্ৰিয়া আইন (চি আৰ পি চি)ৰ ১৪৪ ধাৰাও জাৰি কৰা হৈছে।