NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত গাৰো উগ্ৰপন্থীৰ হাতত অপহৃত পিতা পুত্ৰকে ধৰি অসমৰ তিনি ক্ষুদ্ৰ ব্যৱসায়ী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2019 10:00 pm
Meghalaya story

অসমৰ পৰা মেঘালয়লৈ ব্যৱসায়ৰ বাবে যোৱা তিনিজন ক্ষুদ্ৰ ব্যৱসায়িক মঙলবাৰে নিশা এটা ১০-১২ জনীয়া গাৰো উগ্ৰপন্থীৰ দলে অপহৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, মঙলবাৰে নিশা যাত্ৰীবাহী বাছেৰে মেঘালয়লৈ গৈ থকা অৱস্থাতে দক্ষিণ গাৰো পাহাৰ জিলাৰ চকপট বজাৰ পোৱাৰ পূৰ্বে ইছমাইল হুছেইন, লামিন হুছেইন আৰু নুৰ আলম নামৰ ক্ষুদ্ৰ ব্যৱসায়ী তিনিজনক গাৰো উগ্ৰপন্থী দলটোৱে গাড়ী ৰখাই অপহৰণ কৰি নিয়ে।

ইছমাইল হুছেইন আৰু লামিন হুছেইন পিতৃ পুত্ৰ বুলি জানিব পৰা গৈছে।

অপহৃত তিনিওগৰাকী লোক কাপোৰৰ ব্যৱসায়ী আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হয়।

পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ লগত জড়িত উগ্ৰপন্থী সকলৰ সন্ধানত মেঘালয় আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, প্ৰতি সপ্তাহত মানকাচাৰৰ পৰা কেইবাজনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে সাপ্তাহিক বজাৰৰ আগনিশা মেঘালয়লৈ ৰাওনা হয়। অপহৰণ কাণ্ড সংঘটিত হোৱা দিনাখনো অপহৃত ব্যক্তি তিনিগৰাকীয়ে নিশা প্ৰায় ৯ মান বজাত নৈশ যাত্ৰীবাহী বাছেৰে মেঘালয়লৈ বুলি যাত্ৰা কৰিছিল।

ইয়াৰ পূৰ্বেও গাৰো উগ্ৰপন্থীয়ে অসমৰ ব্যৱসায়ীক অপহৰণ কৰি নি হত্যা কৰিছিল।