NORTHEAST NOW (Assamese)
অসম

লাঁও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা! টীয়কৰ জাঁজী নৈত সমূহীয়া গৰু বিহু উদযাপন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 14, 2021 10:49 am
Garu Bihu

আজি গৰু বিহু। সমগ্ৰ ৰাজ্য জুৰি আজি উদযাপন হৈছে গৰু বিহু। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰি বাসী।

পুৱা মাহ হালধিৰে ঘৰে ঘৰে গৰুৰ গা নোৱাই জাঁজী নদীত গৰু গা ধুৱাই লাঁও খা, বেঙেনা খা আদি ধ্বনি দি সকলোৱে উদযাপন কৰে গৰু বিহু।

যোৱা বৰ্ষত কভিডৰ আতংকৰ বাবে অসমীয়া চেনেহৰ বিহুটি অনুষ্টুপীয়াকৈ উদযাপন কৰিবলগীয়া হৈছিল যদিও এইবাৰ গাঁৱৰ সকলো একত্ৰিত হৈ আজি পুৱাই নদীৰ ঘাটত উলহ মালহে উদযাপন কৰে গৰু বিহু।

লগতে পৰম্পৰাগত সকলো ৰীতি নীতি অৱলম্বন কৰি চাট সলনি কৰি প্ৰীতিৰ জা-জলপানৰ ব্যৱস্থা কৰে যুৱচামে।

আনহাতে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজি অসমীয়া চহা লোকসকলে অতি আনন্দেৰে গৰু বিহু পালন কৰিছে। সকলোতে আজি গৰুক গা খুওৱা, মালা পিন্ধোৱাকে ধৰি সন্ধিয়া গোহালিত ধোঁৱা দিয়া আদি কাৰ্য সম্পন্ন কৰা হ’ব।

গধূলি ঘৰে ঘৰে গৈ আজি এফাঁকি হুঁচৰি গোৱাটোও বহু ঠাইত এক পৰম্পৰাগত নিয়ম।