NORTHEAST NOW (Assamese)

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

May 30, 2025 10:44 am · এন ই নাও নিউজ, গুৱাহাটী

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰা আৰু তেওঁলোকৰ অবৈধ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে।

ঘোষিত বিদেশী হল অৰ্ধ-ন্যায়িক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় নাগৰিক নহয় বুলি বিচাৰ কৰা লোক। অসম আৰক্ষীৰ সীমান্ত শাখাই এনে লোকক বিদেশী বুলি সন্দেহ কৰি এই ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰে।

এই গোচৰটো ভাতৃদ্বয় আবু বক্কাৰ ছিদ্দিক আৰু আকবৰ আলীৰ সৈতে জড়িত। আবেদনকাৰীৰ মতে, ২৫ মে অৰ্থাৎ তেওঁলোকক গ্ৰেপ্তাৰ হোৱাৰ দিনৰে পৰা তেওঁলোকৰ অৱস্থাৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰিছে কৰ্তৃপক্ষই।

বন্দী দুজনক প্ৰতিনিধিত্ব কৰা ছয়জন অধিবক্তাৰ ভিতৰত এজন অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে, ‘আজি শুনানিৰ সময়ত ৰাজ্যিক অধিবক্তাই স্বীকাৰ কৰে যে ভাতৃদ্বয়ক আটক কৰি ৰখা হৈছে আৰু সীমান্ত আৰক্ষীৰ জিম্মাত আছে।

আন অধিবক্তাসকল হল অমন ৱাদুদ, দীপেশ কে আগৰৱাল, অনিকেত মিশ্ৰ, আব্দুল মতিন, আৰু আমিনুৰ ৰহমান।

মধ্য অসমৰ মৰিগাঁও জিলাৰ ৫১ বছৰীয়া শিক্ষককে ধৰি ১৪জন ঘোষিত বিদেশীক দক্ষিণ ছালমাৰা-মানকাচৰ জিলাৰ পৰা বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ অভিযোগ উত্থাপন হোৱাৰ দুদিন পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰা এই জাননী দিয়া হৈছে।

সীমান্তত কৰ্মৰত সীমান্ত সুৰক্ষা বাহিনীয়ে অৱশ্যে কয় যে তেওঁলোক বাংলাদেশী নাগৰিক যিয়ে অবৈধভাৱে দেশত লুকাই চুৰকৈ প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল।

Related News