NORTHEAST NOW (Assamese)
অসম

অসম লোকসেৱা আয়োগ, জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 7:29 am
guwahati-high-court-750x375

গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসম লোকসেৱা আয়োগ’ৰ ২০১৮ চনত অনুষ্ঠিত হোৱা পৰীক্ষাৰ মেইন’ছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে ৰায় প্ৰদান কৰিছে ।

উল্লেখ্য যে মেইন’ছ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ পিছত মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে আদালতখনে।

অৱশ্যে, ফলাফল ঘোষণাৰ পূৰ্বে আয়োগে ন্যায়ালয়ৰ অনুমতি ল’ব লাগিব বুলিও আদালতে স্পষ্ট কৰি দিয়ে।

আনহাতে, জলসিঞ্চনৰ বিভাগৰ পৰীক্ষাৰ ৩৯৪টা শাখা সহায়ক পদৰ ফলাফল ঘোষণাৰো নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

জলসিঞ্চন বিভাগৰ ৩৯৪ শাখা সহায়ক পদৰ বাবে অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষাত হোৱা বেমেজালি’ৰ অভিযোগ আদালতখনে খাৰিজ কৰে।

বিতৰ্কিত ‘এপটেক’-এ অনুষ্ঠিত কৰিছিল জলসিঞ্চন বিভাগৰ এই পৰীক্ষা।

আদালতে ফলাফল ঘোষণা কৰাৰ নিৰ্দেশে চাকৰিৰ বাবে অপেক্ষাৰত উপযুক্ত প্ৰাৰ্থীসকলৰ বাবে আশাৰ সঞ্চাৰ কৰিছে।