NORTHEAST NOW (Assamese)

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 18, 2025 8:18 pm

সাংবাদিক কংকন বৰঠাকুৰৰ বিৰুদ্ধে ২০১৬ চনত দাখিল কৰা এফআইআৰ বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতে ৰায়দানত কয় যে অবৈধ প্ৰব্ৰজন, ধৰ্মীয় মৌলবাদ, উগ্ৰপন্থী কাৰ্যকলাপ আৰু খিলঞ্জীয়াৰ প্ৰতি জনগাঁথনিগত ভাবুকিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ অৰ্থ স্বয়ংক্ৰিয়ভাৱে শত্ৰুতা প্ৰচাৰ কৰা বা হিংসাৰ উচটনি দিয়া নহয়। ন্যায়াধীশ প্ৰাঞ্জল দাসে কয় যে সাংবাদিকতাৰ মৌলিক কৰ্তব্য হৈছে গুৰুত্বপূৰ্ণ সামাজিক বিষয়সমূহ সংবেদনশীল হলেও আলোকপাত কৰা। ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ/৩৪ ধাৰাত দাখিল কৰা এফআইআৰত দৈনিক জন্মভূমিৰ সাংবাদিক বৰঠাকুৰে তেওঁৰ প্ৰতিবেদনৰ জৰিয়তে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

২০১৬ চনৰ ১১ নৱেম্বৰত শিৱসাগৰত সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ সভাপতি ফৰিদ ইছলাম হাজৰিকাই এই এফআইআৰ দাখিল কৰিছিল। তেওঁ দাবী কৰে যে এই লেখাটোৱে বিভিন্ন গোটৰ মাজত শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰিছিল। ক্ষেত্ৰভিত্তিক গৱেষণাৰ আধাৰত প্ৰস্তুত এই প্ৰতিবেদনখনে অঞ্চলটোৰ ধৰ্মীয় উগ্ৰবাদ, চুবুৰীয়া দেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীৰ ভাবুকি আৰু আনুষংগিক উগ্ৰপন্থী কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ৰায়দানত আদালতে শত্ৰুতা বা হিংসা বিয়পোৱাৰ উদ্দেশ্যৰ কোনো প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে। লগতে কয় যে সাংবাদিকগৰাকীয়ে কোনো জাতি-ধৰ্মীয় সংগঠনক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লোৱা নাছিল। গোচৰটোক সম্পূৰ্ণৰূপে খাৰিজ কৰি বিচাৰপীঠে কয় যে, “অবৈধ প্ৰব্ৰজনকাৰী, ধৰ্মীয় উগ্ৰবাদ, উগ্ৰপন্থী কাৰ্যকলাপ আৰু খিলঞ্জীয়া লোকসকলৰ প্ৰতি জনগাঁথনিগত ভাবুকিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাটো, নিজেই গোটৰ মাজত শত্ৰুতা সৃষ্টি বা হিংসাৰ উচটনি দিয়াৰ প্ৰয়াস বুলি ধৰিব নোৱাৰি।

Related News