NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰা নিৰ্দেশত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2021 11:44 am

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনাত স্থগিতাদেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

অসম বিধানসভাৰ অধ্যক্ষই ১ জানুৱাৰিত দুগৰাকী কংগ্ৰেছৰ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰিছিল।

নতুনকৈ দুগৰাকী কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰাৰ পাছতে ১২৬ জনীয়া অসম বিধানসভাত কংগ্ৰেছৰ সদস্যৰ সংখ্যা ২০ গৰাকীলৈ হ্ৰাস পাইছিল।

বিৰোধী দলপতিৰ স্বীকৃতি ধৰি ৰখাৰ বাবে প্ৰয়োজনীয় ১২৬ জনীয়া বিধানসভাত কংগ্ৰেছৰ এক ষষ্ঠাংশ সংখ্যা নাই বুলি বিধানসভাৰ অধ্যক্ষই এক নিৰ্দেশনাত উল্লেখ কৰিছিল।

বিধানসভাৰ অধ্যক্ষই দেৱব্ৰত শইকীয়াৰ বিৰোদী দলপতিৰ স্বীকৃতি খাৰিজ কৰাৰ পাছতে হস্তক্ষেপ বিচাৰি কংগ্ৰেছ নেতা গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিল।

বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱা দেৱব্ৰত শইকীয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাই।

শুনানিৰ অন্তত ন্যায়াধীশ গৰাকীয়ে দেৱব্ৰত শইকীয়াক বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰাৰ নিৰ্দেশত স্থগিতাদেশ প্ৰদান কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসবাৰ সচিৱ আৰু যুটীয়া সচিৱলৈ নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ পূৰ্বে কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াৰ বিৰোধী দলৰ নেতাৰ স্কীকৃতি বাতিল কৰা কাৰ্য্যক সম্পুৰ্ণ অসাংবিধানিক আৰু একপক্ষীয় আখ্যা দিছিল।