NORTHEAST NOW (Assamese)
Popular Stories

নতুন নতুন তথ্যই ৰহস্যঘন কৰিছে জুবিন গাৰ্গৰ মৃত্যুক! গোচৰ ৰুজু গুৱাহাটী উচ্চ ন্যায়ালয়ত  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2025 1:12 pm

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে স্তম্ভিত কৰি তুলিছে সমগ্ৰ ৰাজ্যক। বিভিন্ন মাধ্যমত নতুন নতুন তথ্য সম্প্ৰচাৰিত হৈ আছে। যি শিল্পীগৰাকীৰ আকস্মিক মৃত্যুক ৰহস্যঘন কৰি তুলিছে। প্ৰিয়শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি এজন সংশ্লিষ্ট নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ সৈতে জড়িত সকলো তথ্য উন্মোচন কৰিবলৈ পুংখানুপুংখ আৰু স্বচ্ছ তদন্ত নিশ্চিত কৰাৰ লক্ষ্যৰে এই গোচৰ তৰা হৈছে।

এতিয়া এই গোচৰটো বিবেচনাৰ বাবে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হৈছে। ইয়াত জনসাধাৰণৰ উদ্বেগক সম্বোধন কৰিবলৈ আৰু সকলোধৰণৰ ৰহস্যৰ নিৰপেক্ষ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সূত্ৰসমূহে এই পিআইএলে এনে উচ্চ পৰ্যায়ৰ বিষয়সমূহত জবাবদিহিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ ইংগিত প্ৰদান কৰিছে।

উল্লেখ্য যে নৱেম্বৰ ৮ তাৰিখে পিআইএলৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। এতিয়া উচ্চ ন্যায়ালয়ৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ পৰিছে জনসাধাৰণৰ।