NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীলৈ সাংসদ গৌৰৱ গগৈৰ পৰামৰ্শ —’দল ভঙাতকৈ নিজৰ কাম কৰক’

June 21, 2021 5:33 pm · জাহ্নৱী বৰুৱা
Updated: June 21, 2021 10:59 pm

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পাছতেই মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ সাংসদ গৌৰৱ গগৈৰ।

দল ভঙাতকৈ নিজৰ কাম কৰক আৰু বিৰোধী পক্ষক পৰামৰ্শ দিয়াতকৈ নিজৰ মন্ত্ৰী সকলক কাম কৰিবলৈ পৰামৰ্শ দিয়ক বুলিও উল্লেখ কৰে গগৈয়ে।

“নিৰ্বাচন শেষ হৈছে সেইবাবে নিজৰ কামত মন দি প্ৰতিশ্ৰুতি পালন কৰক।মুখ্যমন্ত্ৰীৰ কাম দলৰ শক্তি বঢ়োৱা নহয়। বিধায়ক ভঙা মেলা এৰি যদি জাগীৰোড,কাছাৰ পেপাৰ মিল যদি পুনৰ উজীৱিত কৰে, আত্মসহায়ক গোটৰ ঋণ মাফ কৰে,চাহ শ্ৰমিক সকলৰ যদি হাজিৰ বৃদ্ধি কৰে মই বেছি ভাল পাম” বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।

আনহাতে শিক্ষা বিভাগক কটাক্ষ কৰি গগৈয়ে কয়” তেওঁঁকৰ শিক্ষা বিভাগৰ অৱস্থা নাই। এই সময়ত evaluationৰ চিষ্টেমতো ঠিক কৰক।”

আনহাতে তেখেতে পুনৰ কয় “ক্ষমতা মাত্ৰ নিজৰ বিধায়ক সকলৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ক্ষমতা নহয়।এই ক্ষমতা ৰাইজে দিছে ৰাইজক উপকৃত কৰিবলৈ। চৰকাৰৰ খনৰ এমাহ সম্পূৰ্ণ হৈ গ’ল কিন্তু এই পৰ্যন্ত মূল্যবৃদ্ধি ৰোধ নহল।

বিধায়ক সকলৰ ব্যক্তিগত স্বাৰ্থত ৰূপজ্যোতি কুৰ্মীয়ে যদি বিজেপি দলত যোগদান কৰি শ্ৰমিক সকলৰ হাজিৰা বৃদ্ধি কৰিব পাৰে তেতিয়া মই ৰূপজ্যোতি কুৰ্মীক ধন্যবাদ জনাম ।

কিন্তু যদি তাৰ পৰিৱৰ্তে ৰূপজ্যোতি কুৰ্মীয়ে বাগানৰ মালিকৰ হকে মাত মতে তেতিয়া তেওঁ যলৈ গৈছে তাত তেখেতে কেতিয়াও শান্তি নাপাব।

Related News