NORTHEAST NOW (Assamese)

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়কৰ দায়িত্ব গৌৰৱ গগৈক

October 8, 2019 7:32 am · এন ই নাও নিউজ
পশ্চিমবংগত দুৰ্গা পূজা উপভোগ কৰিছে গৌৰৱ গগৈয়ে। ফটো : টুইটাৰ

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিয়ে অসমৰ কলিয়াবৰৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ গৌৰৱ গগৈক তেওঁৰ বৰ্তমান দলৰ দায়িত্বৰ উপৰি ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে।

অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ বৰ্তমান পশ্চিমবংগ আৰু আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছে।

ইয়াৰ পূৰ্বে ত্ৰিপুৰা আৰু মণিপুৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল লুইজিনহো ফেলেৰিও।

অৱশ্যে,ফেলেৰিওই উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ তত্ত্বাৱধায়কৰ দায়িত্ব চলাই নিব।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক দলৰ নতুন স্থিতি সন্দৰ্ভত জানিবলৈ দি কয়,’’কংগ্ৰেছ সভাপতিয়ে গৌৰৱ গগৈক বৰ্তমানৰ তেওঁৰ পশ্চিমবংগ আৰু আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ উপৰিও ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। লুইজিনহো ফেলেৰিওই সাধাৰণ সম্পাদক হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ তত্ত্বাৱধায়কৰ দায়িত্ব চলাই নিব।‘’

ত্ৰিপুৰাত ফেলেৰিওৰ হস্তক্ষেপৰ অভিযোগ তুলি ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা প্ৰদ্যুৎ মানিক্য দেববাৰ্মাই পদত্যাগ কৰাৰ পাছতেই এআইচিচিয়ে ফেলেৰিওক তেওঁৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লয়।

ইপিনে, ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰি গৌৰৱ গগৈয়ে তেওঁৰ টুইটাৰত কয়ঃ ‘’মহা নৱমীৰ দিনাই মই এটা নতুন দায়িত্ব লাভ কৰি ধন্য হ’লো। মই মা দুৰ্গাৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ। মই কংগ্ৰেছ সভাপতি মেডাম ছোনিয়া গান্ধীক অৱনমিত হ’বলৈ নিদিও।‘’

আনহাতে,ফেলেৰিওৰ প্ৰতি বিষেদ্গাৰ প্ৰকাশ কৰি প্ৰদ্যুৎ দেৱবাৰ্মাই কয়,’’বিজেপিত বহি থকা একাংশ লোকে ত্ৰিপুৰাত কংগ্ৰেছক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু সাধাৰণ সম্পাদক লুইজিনহো ফেলেৰিওই তেওঁলোকৰ কথা শুনি তেওঁলোকে বিচৰা মতে কামকাজ চলাইছিল।‘’

Related News