NORTHEAST NOW (Assamese)

এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব, মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰ: চেঙাৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈ

April 1, 2021 4:26 pm · পুলেন্দ্র দাস
বৰপেটাৰ চেঙাত কংগ্ৰেছৰ নিৰ্বাচনী সভা। ফটো: নৰ্থইষ্ট নাও।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।

আজি ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ বহৰিত কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

উক্ত নিৰ্বাচনী সভাখনত কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে ভাষণ প্ৰসংগত সমষ্টিত কৰা উন্নয়নমূলক কামৰ নমুনা দাঙি ধৰে ।

এই সভাখনত কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছৰ যুৱনেতা তথা সাংসদ গৌৰৱ গগৈয়ে চেঙা সমষ্টিবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়ন মূলক কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কয়,”এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব আৰু মুখ্যমন্ত্ৰী কংগ্ৰেছৰ হ’ব ৷”

উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে চত্তিশগড়ৰ কংগ্ৰেছ নেতা ৰাজেন্দ্ৰ শুক্লাৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী নেতা ৷

Related News