NORTHEAST NOW (Assamese)

পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

May 28, 2025 3:25 pm · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আজি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়, ‘‘২০১৩ চনত মই এবাৰ পাকিস্তানলৈ গৈছিলো।’’

গৌৰৱ গগৈয়ে কয়, ‘‘মোৰ পত্নীয়ে ২০১১ চনত এটা বছৰ পাকিস্তানত আছিল, এটা আন্তৰাষ্ট্ৰীয় অনুষ্টানত (NGO)ত তেওঁ কাম কৰিছিল। ২০১৫ চনলৈ কাম কৰিছিল৷’’

লগতে গৌৰৱ গগৈয়ে কয়, ‘‘২০১৩ চনত মই এবাৰ পাকিস্তান গৈছিলোঁ৷ ভাৰত চৰকাৰৰ নীতি-নিয়ম অনুসৰি গৈছিলো৷মই আৰু মোৰ পত্নীয়ে দোষ কৰিছোঁ যদি শাস্তি দিয়ক, পত্নী-সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয়।’’

Related News