NORTHEAST NOW (Assamese)

পশ্চিম অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে গৌৰীপুৰত আলোচনা চক্ৰ সম্পন্ন

October 2, 2018 11:14 am · মুকেশ কুমাৰ সিং
ফটো : নৰ্থইষ্ট নাও

ধুবুৰী জিলাৰ গৌৰীপুৰৰ নীলিমা বৰুৱা লোক কলা মিউজিয়ামে গৌৰীপুৰৰ  প্ৰমথেশ বৰুৱা কলেজৰ সহযোগত সোমবাৰে ‘’সাংস্কৃতিক ঐতিহ্য ব্যৱস্থাপনা : পশ্চিম অসমৰ এক অৱলোকন’’ শীৰ্ষক বিষয়ত এখন চিত্তাকৰ্ষক আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাত অংশগ্ৰহণ কৰে গুৰগাঁৱৰ আমেৰিকান ইনষ্টিটিউট অৱ ইণ্ডিয়ান ষ্টাডিজৰ আমন্ত্ৰিত আৰ্কাইভিছ্ট ড০ সংগীতা দত্তই।

অনুষ্ঠানত অধ্যক্ষতা কৰা প্ৰমথেশ বৰুৱা কলেজৰ সভাপতি গংগাশংকৰ পাণ্ডেকে ধৰি অৱসৰপ্ৰাপ্ত অতিৰিক্তি উপায়ুক্ত ড০ আজাদ আলী, অতিৰিক্তি উপায়ুক্ত অনিমেশ তালুকদাৰ, প্ৰমথেশ বৰুৱা কলেজৰ বাণিজ্য বিভাগৰ মুৰব্বী ড০ সুদীপ চন্দা আৰু জিলা মিউজিয়াম বিষয়া মৃন্ময় দাসক সম্বৰ্দ্ধনা জনোৱা হয়।

অনুষ্ঠানত গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ সদস্যসকলকে ধৰি বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

ইংৰাজী বিভাগৰ অধ্যাপক ড০ গোপাল বৰ্মনে তেওঁৰ আৰম্ভণি ভাষণত গৌৰীপুৰৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।

আনহাতে, নিজৰ ‘ডিজিটেল প্ৰজেন্টেশ্যন’ত ড০ দত্তই  গৌৰীপুৰৰ সুলভ  সাংস্কৃতিক কলাসম্পদসমূহৰ সংৰক্ষণৰ দিশসমূহৰ বিষয়ে আলোকপাত কৰে।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলে পশ্চিম অসমৰ ইতিহাস তথা সাংস্কৃতিক গুৰুত্ব বুজি পাবলৈ সাংস্কৃতিক সংগঠনসমূহে আয়োজন কৰা কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে যাদুঘৰ, অভিলেখাগাৰ তথা আন সাংস্কৃতিক প্ৰতিষ্ঠানসমূহ পৰিভ্ৰমণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ধুবুৰীৰ অতিৰিক্তি উপায়ুক্ত অনিমেশ তালুকদাৰে তেওঁৰ ভাষণত নীলিমা বৰুৱা লোক কলা মিউজিয়াম আৰু জিলা মিউজিয়ামে ধুবুৰী আৰু গৌৰীপুৰৰ ৰাইজৰ মাজত সংস্কৃতিৰ সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

অনুষ্ঠানতে ড০ দত্তই গুৰগাঁৱৰ আমেৰিকান ইনষ্টিটিউট অৱ ইণ্ডিয়ান ষ্টাডিজে প্ৰতিমা বৰুৱা পাণ্ডেৰ লোকগীতসমূহ ডিজিটেল পদ্ধতিত সংৰক্ষণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰস্তাৱ আগবঢ়ায়। গংগাশংকৰ পাণ্ডেই এই প্ৰস্তাৱক বিপুলভাৱে আদৰণি জনায়।

Related News