NORTHEAST NOW (Assamese)
দেশ

প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2021 12:34 pm
Gautam Gambhir

দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে ‘ISIS কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে। এই কথা নিজেই সদৰী কৰিছে সাংসদ গৰাকীয়ে।

কেন্দ্ৰীয় ডিচিপি শ্বেতা চৌহানে সংবাদ সংস্থা ANI ক জনোৱা অনুসৰি গম্ভীৰে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ কাষ চাপিছে। “গৌতম গম্ভীৰে ই-মেইলযোগে ‘আইছিছ কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে। গম্ভীৰৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।” চৌহানে লগতে কয়।

এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে।

আৰক্ষীলৈ লিখা এখন পত্ৰত গম্ভীৰে ইমেইলটোৰ বিৱৰণ প্ৰকাশ কৰে। তেওঁ দাবী কৰে যে আইছিছ কাশ্মীৰে তেওঁলৈ এই মেইলটো প্ৰেৰণ কৰিছিল।

ইয়াত লিখা আছিল যে সন্ত্ৰাসবাদী দলটোৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিবলৈ গৈ আছে।

বিজেপি সাংসদগৰাকীয়ে পাকিস্তানৰ পৰা সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ সৰৱ সমালোচনা কৰি আহিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গম্ভীৰে মন্তব্য কৰিছিল যে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিষয়টো শেষ নোহোৱালৈকে পাকিস্তানৰ সৈতে যিকোনো ধৰণৰ সম্পৰ্ক থাকিব নালাগে।