NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে পুনৰ সাহায্য আগবঢ়ালে সাংসদ গৌতম গম্ভীৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 3:35 pm
Gautam Gambhir

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অধিক সতৰ্ক হৈ পৰিছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপিৰ দিল্লীৰ সাংসদ গৌতম গম্ভীৰ।

গৌতম গম্ভীৰে পূৰ্বে ক’ৰ’নাৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছিল।

ক্ৰিকেটাৰ গৰাকীয়ে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পুনৰ কেন্দ্ৰ চৰকাৰলৈ নিজৰ সাংসদ পুঁজিৰ পৰা এক কোটি টকা আৰু এমাহৰ দৰমহা অনুদান হিচাপে আগবঢ়ায়।

উল্লেখযোগ্য যে, গৌতম গম্ভীৰৰ উপৰিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড, শচীন টেণ্ডুলকাৰ, সুৰেশ ৰাইনা, আজিংক ৰাহানে, লক্ষ্মীৰতন শুক্লা, মহেন্দ্ৰ সিং ধোনীকে ধৰি বহু কেইগৰাকী ক্ৰিকেটাৰে কেন্দ্ৰীয় চৰকাৰলৈ সাহায্য আগবঢ়াইছে।

‘‘এয়া এক কঠিন সময়, বৰ্তমান সময়ত দেশৰ সকলোৱে একগোট হৈ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব,’’ টুইটাৰত গম্ভীৰে লিখে।