NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী ক্ৰয়; সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকাৰ সাহায্য গৌতম গম্ভীৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 3:11 pm
Gautam-Gambhir-Facts-in-Hin

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেটছমেন তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰে সোমবাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৫০ লাখ টকাৰ সহায্য ঘোষণা কৰে।

‘‘আমাৰ চহৰৰ লোকসকলক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু ইয়াৰ ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰাৰ বাবে মই সাংসদ পুজিৰ পৰা ৫০ লাখ টকা দিল্লী চৰকাৰলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’ দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ এখন পত্ৰ লিখি বিজেপিৰ সাংসদ গৰাকীয়ে এনেদৰে উল্লেখ কৰে।

গৌতম গম্ভীৰে ইয়াৰোপৰি বিভাগীয় বিষয়াসকলক আৰু কিবা প্ৰয়োজনীয় সামগ্ৰী আছে নেকি জনোৱাৰ বাবে আহ্বান জনাইছে।

দিল্লীৰ মুখ্য মন্ত্ৰীলৈ লিখা পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰি গৌতম গম্ভীৰে লিখে, ‘‘অস্ত্ৰ অবিহনে যুদ্ধ জয় কৰা সম্ভৱ নহয়। ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে কোনোধৰণৰ সামগ্ৰীৰ অভাৱ হ’ব নোৱাৰে সেইবাবে মই মোৰ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকা ৰাজ্যৰ চিকিৎসালয়লৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো।’’

গৌতম গম্ভীৰে টুইটাৰযোগে দেশৰ জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকি নিজৰ যত্ন লোৱাৰ লগতে চাফ-চিকুনতাৰ প্ৰতি গুৰুত্ব দি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায়।

আনহাতে, গম্ভীৰে যিসকলে চৰকাৰে দিয়া লকডাউনৰ আদেশ পালন নকৰে তেওঁলোকক জেইলৰ ভিতৰলৈ প্ৰেৰণ কৰাৰ বাবেও আহ্বান জনায়।