NORTHEAST NOW (Assamese)
অসম

কে এল ৰাহুলে কেনেদৰে দলক নেতৃত্ব দিয়ে সেয়া চোৱাৰ বাবে আই পি এললৈ অপেক্ষা কৰিছো : গৌতম গম্ভীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 2, 2020 7:04 am

প্ৰাক্তন ভাৰতীয় তাৰকা অপেনিং বেটছমেন গৌতম গম্ভীৰে ২০২০ বৰ্ষৰ আই পি এলত কিংগছ এলেভেন পঞ্জাৱক নেতৃত্ব দিবলগীয়া কে এল ৰাহুলে কেনেদৰে দলক নেতৃত্ব প্ৰদান কৰে তাৰ ওপৰত দৃষ্টি ৰাখিব বুলি মত প্ৰকাশ কৰে।

”বহুসংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে চাপ মুক্ত হৈ থকাৰ বাবে নেতৃত্ব ত্যাগ কৰিছে,” গৌতম গম্ভীৰে কয়।

আনহাতে, কে এল ৰাহুল সম্পৰ্কত মত ব্যক্ত কৰি গম্ভীৰে ৰাহুল এদিনীয়া আৰু টি-২০ ক্ৰিকেটৰ এগৰাকী সুদক্ষ ক্ৰিকেটাৰ বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে, কে এল ৰাহুলে এইবাৰ প্ৰথমবাৰৰ বাবে আই পি এলত কিংগছ এলেভেন পঞ্জাৱক নেতৃত্ব প্ৰদান কৰিব।

বিগত বৰ্ষত কিংগছ এলেভেন পঞ্জাৱক ৰবিচন্দ্ৰন আশ্বিনে নেতৃত্ব প্ৰদান কৰিছিল যদিও এইবাৰ আশ্বিন দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ হয়।

ক’ৰ’না মহামাৰীৰ বাবে চলিত বৰ্ষৰ আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত হ’ব।