NORTHEAST NOW (Assamese)
Popular Stories

মিতালী সংঘৰ প্ৰতিষ্ঠাপক সদস্য তথা মহিলা সমাজকৰ্মী গায়ত্ৰী হাজৰিকাৰ বিয়োগ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 21, 2024 1:06 pm

বার্ধক্যজনিত কাৰণত মহানগৰীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন অৱস্থাত কালি বিয়লি তিনি বজাত হৃদৰোগত আক্রান্ত হৈ মহিলা সমাজকৰ্মী গায়ত্রী হাজৰিকাই ইহলীলা সম্বৰণ কৰে।

উল্লেখ্য যে যোৱা চাৰি দিন ধৰি চিকিৎসাধীন হৈ শেষত স্বৰ্গগামী হোৱা প্রয়াত হাজৰিকা মহানগৰীৰ উলুবাৰীৰ শৰণীয়া অঞ্চলৰ খ্যাতনামা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া যতীন হাজৰিকাৰ সুযোগ্য পত্নী আছিল।

এগৰাকী বহুমুখী প্রতিভাৰ মহিলা হিচাপে জনপ্রিয় গায়ত্রী হাজৰিকাৰ মৃত্যুৰ সংবাদে সমগ্ৰ উলুবাৰী অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ আগলৈকে তেওঁ গুৱাহাটীৰ মিতালী সংঘৰ এগৰাকী প্রতিষ্ঠাতা সদস্য আৰু এই সংঘৰ উন্নতিৰ কামত আজীবন ব্রতী আছিল।

প্রয়াত লোকবন্ধু ডাঃ ভুবনেশ্বৰ বৰুৱাৰ জীয়ৰী গায়ত্রী হাজৰিকাই মৃত্যুৰ সময়ত তেওঁৰ স্বামী আৰু দুগৰাকী জীয়ৰী, চাৰিজন নাতি-নাতিনী, অগণন আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱী এৰি যায়। আজি পুৱা নৱগ্রহ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।