NORTHEAST NOW (Assamese)

মস্কোৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয়লৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দল

July 25, 2024 11:53 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মস্কোৰ পেট্ৰিচ লুমুম্বা পিপলছ ফ্ৰেণ্ডশ্বিপ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰী শ্ৰীমতী নিহালী মধুকৌল্য , শ্ৰীমতী প্ৰাচীতা দুৱৰা আৰু শ্ৰীমতী বিলাক্ষী বৰদলৈয়ে যোৱা ১৯ ​​জুলাইৰ পৰা ২৯ জুলাইলৈ হবলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয়ত অংশগ্ৰহণ কৰিবলৈ মস্কো অভিমুখে ৰাওনা হৈছে।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ পেট্ৰিচ লুমুম্বা পিপলছ ফ্ৰেণ্ডশ্বিপ বিশ্ববিদ্যালয়ৰ  মাজত হ’বলগীয়া বিনিময় কাৰ্য্যক্ৰমত  অংশ ল’বলৈ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আমন্ত্ৰণ জনোৱা হৈছে। বিদেশত থকা  সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্পভিত্তিক শিক্ষণৰ জৰিয়তে ৰাছিয়ান ভাষা আৰু ।
সংস্কৃতিৰ সৈতে পৰিচিত হ’ব, লগতে কেইবাটাও সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠভাৱে অৱগত হ’ব পাৰিব । শিক্ষাৰ্থীৰ দলটোৱে মস্কোৰ প্ৰসিদ্ধ ঠাই সমূহৰ লগতে  ৰাছিয়াৰ ৰাজধানী ভ্ৰমণ কৰিব পাৰিব ।

মস্কোৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয়ত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ এই অংশগ্ৰহণে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু পেট্ৰিছ লুমুম্বা পিপলছ ফ্ৰেণ্ডশ্বিপ বিশ্ববিদ্যালয়ৰ মাজত  থকা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক তথা সহযোগিতা আৰু অধিক দৃঢ় হ’ব । যোৱা বছৰ ৰাছিয়া ভ্ৰমণৰ কালছোৱাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড০ কন্দৰ্প দাসে উচ্চ শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে পেট্ৰিচ লুমুম্বা বিশ্ববিদ্যালয়লৈ প্ৰস্তাৱ আগবঢ়াইছিল, যিয়ে শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ বিনিময়ক বিশেষ লাভাম্বিত কৰে। পাছলৈ পেট্ৰিচ লুমুম্বা বিশ্ববিদ্যালয়ৰ উপ-সঞ্চালক অধ্যাপিকা স্বেটলানা এলনিকোভাই ২০২৩ চনৰ ডিচেম্বৰ মাহত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় ভ্ৰমণ কৰি ৰাছিয়াত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এইখিনিতে উল্লেখযোগ্য  যে ২০২৪ চনৰ এপ্ৰিল মাহত দুয়োখন বিশ্ববিদ্যালয়ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, য’ত শৈক্ষিক আৰু সাংস্কৃতিক সহযোগিতাৰ সিদ্ধান্ত লোৱা হৈছিল।গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে  আশা কৰিছে যে দুয়োখন  বিশ্ববিদ্যালয়ৰ  মাজত স্থাপন হোৱা শৈক্ষিক উৎকৰ্ষতা আৰু সাংস্কৃতিক আলোচনাৰ অৰিহণা যোগোৱা এনে সহযোগিতামূলক প্ৰচেষ্টাৰ দ্বাৰা দুয়োটা প্ৰতিষ্ঠানৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব ।

Related News