NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ১০০০ মাতৃৰ কণ্ঠত ধ্বনিত হ’ব দুৰ্গা তাণ্ডৱ স্তোত্ৰ : মাতৃত্বৰ শক্তিয়ে বিলাই দিব বিশ্ব শান্তিৰ বাৰ্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2026 8:30 pm

গুৱাহাটীৰ আকাশ-বতাহত অচিৰেই অনুৰণিত হ’ব দুৰ্গা তাণ্ডৱ স্তোত্ৰৰ পৱিত্ৰ ধ্বনি। ফাউণ্ডেচন ফৰ হ’লিষ্টিক ‎ডেভেলপমেণ্ট নামৰ এক অলাভজনক সংস্থাৰ উদ্যোগত আগন্তুক ৩১ জানুৱাৰীত উত্তৰ গুৱাহাটীত এক বিশেষ ‎আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সংস্থাটোৱে বিশেষকৈ মহিলাসকলৰ মানসিক আৰু আধ্যাত্মিক ‎বিকাশৰ দিশত কাম কৰি আহিছে। বিশ্ব শান্তি আৰু সমগ্ৰ পৃথিৱীখনকে এটা পৰিয়াল বুলি জ্ঞান কৰা বসুধৈৱ ‎কুটুম্বকমৰ মহান ভাৱধাৰাক মূল মন্ত্ৰ হিচাপে লৈ সংস্থাটোৱে মাতৃসকলৰ জৰিয়তে এক দয়ালু আৰু সচেতন ‎ভৱিষ্যৎ প্ৰজন্ম গঢ়াৰ প্ৰয়াস কৰিছে।

এই আধ্যাত্মিক যাত্ৰাৰ আৰম্ভণি হৈছিল কোভিড-১৯ মহামাৰীৰ কঠিন সময়ছোৱাত। ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ ‎সময়ত মাতৃ আৰু শিশুসকলক দহ মাহ ধৰি অনলাইনযোগে শিৱ তাণ্ডৱ স্তোত্ৰৰ শিক্ষা দিয়া হৈছিল। পৰৱৰ্তী ‎সময়ত ২০২১ চনত বাৰাণসীৰ অস্সী ঘাটত ১,১০০ গৰাকী মাতৃয়ে একেলগে এই স্তোত্ৰ পাঠ কৰি এক অনন্য ‎শক্তিৰ সঞ্চাৰ কৰিছিল। তাৰ পিছৰে পৰা ৰামেশ্বৰমৰ ধনুষ্কোডি, কলকাতা, হামপিৰ পম্পা সৰোবৰ, কোচিন, থ্ৰিছুৰ ‎আৰু কন্যাকুমাৰীৰ দৰে দেশৰ বিভিন্ন পৱিত্ৰ স্থানত ৰাম তাণ্ডৱ, কালী তাণ্ডৱ আৰু হনুমান তাণ্ডৱ স্তোত্ৰ পাঠৰ দৰে ‎ভব্য অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ গৈছে।
এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে অংশগ্ৰহণকাৰী মাতৃসকলৰ জীৱনত যথেষ্ট ইতিবাচক আৰু ৰূপান্তৰকাৰী প্ৰভাৱ পেলাইছে। ‎যিসকল মাতৃ এসময়ত ঘৰৰ চাৰিসীমাৰ পৰা ওলাই আহিবলৈ বা ৰাজহুৱা স্থানত কথা ক’বলৈ সংকোচ কৰিছিল, ‎তেওঁলোক এতিয়া যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছে। কেৱল সেয়াই নহয়, আধুনিক প্ৰযুক্তিৰ পৰা আঁতৰত থকা বহু ‎বয়সস্থ মাতৃয়ে এতিয়া অতি সহজতে স্মাৰ্টফোন ব্যৱহাৰ কৰি অনলাইনযোগে পাঠদান আৰু ৰেকৰ্ডিং কৰিব পৰা ‎হৈছে। এই শক্তিশালী মাতৃসকলে এতিয়া দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি আনকো স্তোত্ৰ পাঠৰ শিক্ষা প্ৰদান কৰি ‎সমাজলৈ অৱদান আগবঢ়াইছে।

২০২৬ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই ভব্য অনুষ্ঠানৰ বাবে ইতিমধ্যে ব্যাপক ‎প্ৰস্তুতি চলিছে। ভাৰতৰ ১৯খন ৰাজ্যৰ লগতে বিদেশৰ পৰাও বহু মাতৃ এইবাৰ মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ ‎অসমত সমবেত হ’ব। আগন্তুক ৩০ জানুৱাৰীত ধাৰাপুৰস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চৌহদত সকলো ‎মাতৃয়ে একেলগে অন্তিম পৰ্যায়ৰ অনুশীলন কৰিব। ইয়াৰ পিছদিনা অৰ্থাৎ ৩১ জানুৱাৰীৰ বিয়লি সূৰ্যাস্তৰ সময়ত ‎উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডত ব্ৰহ্মপুত্ৰৰ পাৰত দুৰ্গা তাণ্ডৱ স্তোত্ৰৰ মূল সমাপন অনুষ্ঠানটো অনুষ্ঠিত হ’ব। একতা ‎আৰু ভক্তিৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ আয়োজকসকলে সকলো ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ ‎জনাইছে।