NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ খাৰঘৰীয়া দম্পতীৰ বোৱাৰী গীতাশ্ৰী খাৰঘৰীয়াৰ আত্মসমৰ্পণ

Posted by: এন ই নাও নিউজ September 13, 2018 4:13 pm

অৱশেষত পলাতক অৱস্থাত থকা শিৱসাগৰৰ খাৰঘৰীয়া দম্পতীৰ বোৱাৰী গীতাশ্ৰী খাৰঘৰীয়াই শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি আত্মসমৰ্পণ কৰে।

৭৫ দিন ধৰি পলাতক অৱস্থাত আছিল দেৱাশিস খাৰঘৰীয়াৰ পত্নী গীতাশ্ৰী খাৰঘৰীয়া। পূৰ্বতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গীতাশ্ৰী খাৰঘৰীয়াৰ স্বামী দেৱাশিস খাৰঘৰীয়াক।

উল্লেখযোগ্য যে এই পুত্ৰ-বোৱাৰী তথা দেৱাশিস খাৰঘৰীয়া আৰু গীতাশ্ৰী খাৰঘৰীয়াৰ অৱহেলাৰ বাবেই শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী তথা এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই মৃত্যুক আঁকোৱালি ল’ব লগীয়া হৈছিল।

দেৱাশিসৰ ৰুগ্ন মাকে এটা ইনছুলিনৰ বাবে টকা নোহোৱা অৱস্থাত যোৱা ৩০ জুনত ভাৰাঘৰতে অস্বাভাৱিক মৃত্যু হোৱাৰ লগতে দেউতাকেও একেদিনাই আত্মহত্যা কৰিছিল ভাৰাঘৰৰ কোঠাতে।

আৰু ইয়াৰ পিছতে একমাত্ৰ পুতেক হৈও মাক-দেউতাকক অস্বাভাৱিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেৱাশিস খাৰঘৰীয়া আৰু তেওঁৰ পত্নী গীতাশ্ৰী খাৰঘৰীয়াই আত্মগোপন কৰি আছিল।

অৱশ্যে পিছত শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহযোগত ১৯ জুলাইত দেৱাশিস খাৰঘৰীয়াক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে।

আনহাতে পত্নী গীতাশ্ৰী খাৰঘৰীয়া ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল।