NORTHEAST NOW (Assamese)
অসম

বিদেশী ন্যায়াধিকৰণত নিযুক্ত অনভিজ্ঞ মানুহৰ বাবে স্বদেশীও ডি ভোটাৰ হৈছে : আব্দুৰ ৰচিদ মণ্ডল

Posted by: এন ই নাও নিউজ August 27, 2018 8:43 pm
AbdurRachidMandal

উপমন্যু হাজৰিকাই এন আৰ চি সন্দৰ্ভত বিভিন্ন সময়ত বিভ্ৰান্তিকৰ মন্তব্য দি অহাৰ সময়তে আজি প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়কজনৰ শেহতীয়া মন্তব্যৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে।

মণ্ডলৰ মতে, এন আৰ চিক লৈ ‘একাংশই সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে। উপমন্যু হাজৰিকা আৰু শিলাদিত্য দেব ইয়াৰ মাজত অন্যতম। তেওঁলোক দুয়োজনে ধৰ্মৰ ভিত্তিত একাংশক লক্ষ্য কৰি লয়।

“এন আৰ চিক লৈ যদি সন্দেহ আছে তেন্তে ন্যায়ালয়ত জনাওক। সকলো ডি ভোটাৰেই যে বিদেশী নহয় সেয়াও সত্য। বিদেশী ন্যায়াধিকৰণসমূহত নিযুক্ত একাংশ অনভিজ্ঞ মানুহৰ বাবে স্বদেশীও ডি ভোটাৰ হৈছে।” এইদৰে কয় পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে।

আনহাতে নিজৰ দলৰ নেতা বিশেষৰ স্থিতি আৰু ভূমিকা সন্দৰ্ভতো মন্তব্য কৰে বিধায়কজনে। তেওঁ প্ৰাক্তন মন্ত্ৰী তথা বৰাকৰ শক্তিশালী নেতা গৌতম ৰয়ৰ বিজেপি গমনৰ গুণাগঁথা সন্দৰ্ভত তাৎপৰ্য্যপূৰ্ণ মন্তব্য দি কয়, “গৌতম ৰয় বিজেপিলৈ নাযায়, গ’লেও দলৰ একো ক্ষতি নহয়।”

একে সময়তে তৰুণ গগৈক প্ৰশংসা কৰি কয়, “তৰুণ গগৈয়েই একমাত্ৰ ব্যক্তি যিজনে দল এৰিলে কংগ্ৰেছৰ ক্ষতি হ’ব। গগৈয়েই অসম কংগ্ৰেছৰ একমাত্ৰ অভিভাৱক।”

স্বাভাৱিকতে কংগ্ৰেছী বিধায়কজনৰ দলৰ জ্যেষ্ঠ নেতা সন্দৰ্ভত আজিৰ এই মন্তব্য তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে। বিভিন্নজনে ইয়াৰ প্ৰতিক্ৰিয়া কৰাৰ সম্ভাৱনা আছে।