NORTHEAST NOW (Assamese)
অসম

ক’ভিড ৰোগীৰ সুবিধাৰ্থে চিকিৎসালয়লৈ গীজাৰ আগবঢ়ালে শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী ৰাজভূষণ গগৈয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 18, 2021 10:44 pm
gy

ক’ভিড ৰোগীৰ সুবিধাৰ্থে চিকিৎসালয়লৈ গীজাৰ আগবঢ়ালে শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী ৰাজভূষণ গগৈয়ে।

ক’ভিড মহামাৰীৰ সময়ত শিৱসাগৰ চিকিৎসালয়ত থকা ক’ভিড ৰোগীৰ বাবে প্ৰদান কৰিলে এটা গীজাৰ।

উল্লেখ্য যে বিগত সময়তো ৰাজভূষণ গগৈয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ পঞ্চাশ হাজাৰ টকা প্ৰদান কৰিছিল লগতে লকডাউনৰ সময়ত সন্মুখৰ পৰা যুঁজ দিয়া পুলিচ আৰু সাংবাদিক সকলক ও মাস্ক চেনিটাইজাৰ বিতৰণ কৰিছিল।

ৰাজভূষণ গগৈ মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি খগেন গগৈৰ পুত্ৰ।

আনহাতে ৰাজভূষণ গগৈয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰোগীৰ সুবিধাৰ বাবে ব্যক্তিগতভাৱে গীজাৰ প্ৰদান কৰা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক সৌৰভ গগৈয়ে।