NORTHEAST NOW (Assamese)
Popular Stories

ঘৃণনীয়! চিঙৰাৰ ভিতৰত ওলাল ভেকুলী, ত্ৰাহিমধুসূদন গ্ৰাহকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2024 5:26 pm

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এজন লোকে স্থানীয় মিঠাইৰ দোকানৰ পৰা ক্ৰয় কৰা এখন চিঙৰাৰ ভিতৰত ভেকুলীৰ ঠেং পোৱা বুলি দাবী কৰে। তাৰ পিছত ভাইৰেল হৈ পৰিছে এই চিঙৰাৰ এটা ভিডিঅ’।

ন্যায় খণ্ডত বাস কৰা অমন কুমাৰে কয় যে তেওঁ এখন পৰিচিত মিঠাইৰ দোকানৰ পৰা চাৰিটা চিঙৰা ক্ৰয় কৰিছিল। চিঙৰাকেইটা খাবলৈ ঘৰলৈ লৈ যাওঁতে চিঙৰাৰ এটা ভাঙোতে ভেকুলীৰ ঠেং প্ৰত্যক্ষ কৰে৷

অমানে ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আন কেইজনমানৰ সৈতে মিঠাইৰ দোকানখনলৈ গৈ অভিযোগ দাখিল কৰে।

লগতে তেওঁ এই বিষয়ে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হয় পুলিচ, আৰু ক্ৰমাৎ বৃদ্ধি পোৱা বিবাদ দেখি দোকানৰ মালিক ৰামকেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ উপৰিও খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে দোকানখনৰ পৰা চিঙৰাৰ নমুনা সংগ্ৰহ কৰে।

খাদ্য বিভাগৰ সহকাৰী আয়ুক্ত (দ্বিতীয় শ্ৰেণী) অৰবিন্দ যাদৱে কয় যে নমুনা লোৱা হৈছে, আৰু দোকানৰ মালিকক জাননী দিয়া হৈছে।

সংগ্ৰহ কৰা নমুনাৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি যাদৱে জানিবলৈ দিয়ে।