NORTHEAST NOW (Assamese)

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

May 29, 2022 6:59 am · এন ই নাও নিউজ, গুৱাহাটী

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী-গুৱাহাটী  উত্তৰ-পূব ভাৰতৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে এআইচিটিই আইডিয়া লেব (AICTE IDEA Lab) স্থাপন আৰু কাৰ্যকৰীকৰণৰ দ্বাৰা সন্মানিত কৰা হৈছে। এআইচিটিই আইডিয়া পৰীক্ষাগাৰটোৰ মূল লক্ষ্য হৈছে আইডিয়া ডেভেলপমেণ্ট, মূল্যাঙ্কন আৰু কাৰ্যকৰীকৰণ।

২৮ মে’ শনিবাৰে প্ৰতিষ্ঠান চৌহদত অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে এই পৰীক্ষাগাৰটো উদ্বোধন কৰে।

জিআইএমটি-গুৱাহাটী চৌহদত সদৌ অসম অধ্যক্ষ সন্মিলনৰ সময়ত এই পৰীক্ষাগাৰটো উদ্বোধন কৰা হয়।

বিদ্যালয়, মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ অধ্যক্ষসকলে “এনইপি ২০২০ ৰ অধীনত আইডিয়া লেবৰ জৰিয়তে দক্ষতা বিকাশৰ পৰিসৰ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত মত বিনিময় আৰু দৃষ্টিভংগী দাঙি ধৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছিল।

উল্লেখ্য যে এআইচিটিই আইডিয়া লেববোৰে শিক্ষাৰ্থীসকলক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (ষ্টেম) মৌলিক বিষয়বোৰৰ বৰ্ধিত অভিজ্ঞতা, প্ৰায়োগিক শিক্ষণ আৰু সামগ্ৰীসমূহৰ দৃশ্যায়নৰ বাবে উৎসাহিত কৰিবলৈ স্থাপন কৰা হৈছে।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন’লজী হৈছে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ দ্বাৰা স্থাপিত ডিগ্ৰী পৰ্যায়ৰ কাৰিকৰী পাঠ্যক্ৰম প্ৰদান কৰা এক প্ৰতিষ্ঠান। ই অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অধীনত অধিভুক্ত(affiliated)মহাবিদ্যালয় ।

তদুপৰি, সকলো স্নাতক অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ লগতে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন আৰু মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেচন প্ৰগ্ৰাম এআইচিটিইৰ দ্বাৰা স্বীকৃত।

Related News