NORTHEAST NOW (Assamese)
Popular Stories

সৰ্বভাৰতীয় পৰ্য্যায়ৰ ৰেংকিংত উজলিল জি আই পি এচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 2:48 pm

পূৰ্বৰ গৰিমা অটুট ৰাখি  বিগত বৰ্ষৰ দৰেই নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক চমুকৈ ‘এন‌ আই আৰ‌ এফ’ৰ চূড়ান্ত তালিকাত পুনৰ ৭২নং স্হান অধিকাৰ কৰি  জিলিকি উঠিল গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্স চমুকৈ জি আই পি এছ।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা শেহতীয়াভাৱে প্ৰকাশ হোৱা ‘এন‌ আই এৰ‌ এফ’ৰ চূড়ান্ত তালিকাখনত প্ৰথম এশখন শিক্ষানুষ্ঠানৰ ভিতৰত থকা ‘জি আই পি এছ’ হৈছে অসমৰ একমাত্ৰ ফাৰ্মাচী শিক্ষাৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান।

গুৱাহাটীৰ আজাৰাস্হিত ফাৰ্মাচী শিক্ষাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ এই বৃহৎ সাফল্য্ই স্বাভাবিকতে শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতি, শিক্ষক-কৰ্মচাৰী সকলোকে উৎফুল্লিত তথা উৎসাহিত কৰি তুলিছে।

উল্লেখযোগ্য যে, ‘এন‌ আই আৰ‌ এফ’ হৈছে প্ৰতিবছৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত হোৱা শেহতীয়া ৰেংকিং ব্যৱস্থা।