NORTHEAST NOW (Assamese)
অসম

অসমবাসীলৈ গৌৰৱ কঢ়িয়াই বিশ্ব যুৱ মহোৎসৱ, ২০২৪ লৈ নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্রী 

February 22, 2024 4:44 pm
অসমবাসীলৈ গৌৰৱ কঢ়িয়াই বিশ্ব যুৱ মহোৎসৱ, ২০২৪ লৈ নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্রী 

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ অষ্টম ষান্মাষিকৰ ছাত্ৰী জ্যোতিস্মা মেধি ৰাছিয়াৰ চোচি চহৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ মহোৎসৱৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে l

অহা ১ মাৰ্চ তাৰিখৰ পৰা ৭ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই যুৱ মহোৎসৱত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩৬০ জন প্ৰতিনিধিয়ে যোগদান কৰিব l 

উল্লেখযোগ্য যে জ্যোতিস্মা মেধিয়ে এক কঠিন বাচনিত উৰ্ত্তীণ হৈ এই মহোৎসৱত অংশগ্ৰহণৰ সুযোগ লাভ্য কৰিছেl

প্ৰথম পৰ্যায়ত তেওঁ ” লাইফ ডিগনিটি এন্ড জাষ্টিচ ”  বিষয়ৰ লিখা ৰচনা খনৰ বাবে নিৰ্বাচিত হয় l দ্বিতীয় পৰ্য্যায়ত তেওঁ ভিডিঅ কনফাৰেঞ্চ যোগে নিজৰ চিন্তা , বুদ্ধিমত্তা আৰু যোগ্যতা দেখুৱাই উক্ত মহোৎসৱৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰে l

প্ৰায় বিশ হাজাৰ ৰাছিয়ান আৰু আন্তৰ্জাতিক দলৰ বিশেষ আতিথ্যত  এই বিশ্ব যুৱ  মহোৎসৱ অনুষ্ঠিত হ’ব য’ত থাকিব বিশ্বৰ বিভিন্ন  শিশু সংস্থান আৰু সংগঠনৰ বহু কিশোৰ কিশোৰী l

জ্যোতিষ্মা মেধিৰ এই সফলতা আৰু প্ৰাপ্তিয়ে তেওঁৰ প্ৰখৰ মেধা শক্তিৰ লগতে প্ৰতিভা আৰু অদম্য উৎসাহ প্ৰতিফলিত কৰে l আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত বৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰা  এই গৰাকী মেধাৱী ছাত্ৰী জ্যোতিষ্মা মেধিক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে উষ্ম অভিনন্দন জ্ঞাপন কৰে l